ডিব্ৰুগড়, 15 জানুৱাৰীঃ ৰাজ্য়ত এতিয়া ভোগালী বিহুৰ ব্যাপক উচাহ ৷ কিন্তু বিহু মাজতো যেন ম্লান পৰা নাই জাতীয় জীৱনৰ সংকটজনক অৱস্থাৰ বিৰুদ্ধে সংগ্ৰাম ৷ মাঘ বিহুৰ উৰুকাৰ নিশাই মুখ্যমন্ত্ৰীৰ গৃহ চহৰত দাহ কৰা হ’ল CAA ৰ প্ৰতিলিপি ।
মুখ্যমন্ত্ৰীৰ গৃহ চহৰত দাহ ‘‘CAA’’ৰ প্ৰতিলিপি - আছুৱে দাহ কৰিলে সংশোধনী নাগৰিকত্ব আইনৰ প্ৰতিলিপি
বিহুৰ উলাহৰ মাজতো যেন জাতীয় জীৱনৰ সংকটজনক অৱস্থাৰ বিৰুদ্ধে সংগ্ৰামখন জীয়াই ৰাখিছে অসমীয়াই ৷ মাঘ বিহুৰ উৰুকাৰ নিশা মুখ্যমন্ত্ৰীৰ গৃহ চহৰত দাহ কৰিলে CAA ।
‘‘CAA’’ প্ৰতিলিপি দাহ
উৰুকাৰ দিনাও বাদ পৰি নৰ’ল ‘‘কা’’ বিৰোধী আন্দোলন । ভোগালীৰ আনন্দত মতলীয়া হোৱাৰ সময়ৰ মাজতেও লুৰীণজ্যোতিৰ উপস্থিতিত ডিব্ৰুগড়ত আছুৱে দাহ কৰিলে সংশোধনী নাগৰিকত্ব আইনৰ প্ৰতিলিপি ৷ প্ৰতিলিপি দাহ কৰি লুৰিণজ্যোতি গগৈৰ মন্তব্য,কোনো ধৰণৰ ষড়যন্ত্ৰই অসমীয়াক বিচলিত কৰিব নোৱাৰে ।