টিংখাং,21 মাৰ্চ:সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়তো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্য়াহত আছে । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দেওবাৰে টিংখাং আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই এক বাইক ৰেলী বাহিৰ কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজগড় ছাত্ৰ সন্থাই ৰাজগড় তেল ডিপোৰ পৰা আৰু টিংখাং আঞ্চলিক ছাত্ৰ সন্থাই টিংখাং তেল ডিপোৰ সমীপৰ পৰা বাইক ৰেলী বাহিৰ কৰি গাঁৱে গাঁৱে গৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
টিংখাং আৰু ৰাজগড়ত আছুৰ বাইক ৰেলী - নিৰ্বাচন
প্ৰতিবাদকাৰী আছু কৰ্মীসকলে কা আন্দোলনৰ নামত পাঁচজন তেজাল যুৱকৰ হত্যা কোনো দিন নাপাহৰো বুলি হুংকাৰ দি ইয়াৰ উচিত প্ৰত্যুত্তৰ অসমৰ ৰাইজে নিৰ্বাচনত দিব বুলি মন্তব্য কৰে ।
![টিংখাং আৰু ৰাজগড়ত আছুৰ বাইক ৰেলী aasu bike relly at tingkhong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11098301-thumbnail-3x2-k.jpg)
কা বাতিলৰ দাবীত টিংখাং আৰু ৰাজগড়ত আছুৰ বাইক ৰেলী
প্ৰায় কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে কা আমি নামানো, কা বাতিল কৰিবই লাগিব, অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ কঁপাই তোলে । প্ৰতিবাদকাৰীসকলে লগতে কা আন্দোলনৰ নামত পাঁচজন তেজাল যুৱকৰ হত্যাক কোনো দিন নাপাহৰো বুলি হুংকাৰ দি ইয়াৰ উচিত প্ৰত্যুত্তৰ অসমৰ ৰাইজে নিৰ্বাচনত দিব বুলি মন্তব্য কৰে ।
লগতে পঢ়ক:এতোৱা মুণ্ডাৰ নিৰ্বাচনী প্ৰচাৰত বাধা