টিংখাং, 11 ছেপ্টেম্বৰ : টিংখাঙৰ ৰাজগড়ত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল কাৰ্যসূচী । নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু পাৰিবেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ অৰ্থাৎ EIA 2020 বাতিলৰ দাবীত আছু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ আহ্বান মৰ্মে ৰাজগড়ত এই বিশাল জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
‘কা’ আৰু EIA 2020 বাতিলৰ দাবীত টিংখাঙত জোঁৰ সমদল - প্ৰতিবাদকাৰী
নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু পাৰিবেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা ২০২০ অৰ্থাৎ EIA 2020 বাতিলৰ দাবীত টিংখাঙত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল কাৰ্যসূচী ৷
![‘কা’ আৰু EIA 2020 বাতিলৰ দাবীত টিংখাঙত জোঁৰ সমদল candle march](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8758278-thumbnail-3x2-hghg.jpg)
candle march
‘কা’ আৰু EIA 2020 বাতিলৰ দাবীত টিংখাঙত জোঁৰ সমদল
সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহশ্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোঁৰ লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজগড়ৰ পৰিবেশ কৰি তোলে উত্তাল । ৰাজগড়ৰ আছু কাৰ্যলয় পৰা মৰাণ নাহৰকটীয়া পথেৰে এই সমদল বাহিৰ কৰা হৈছিল । বিজেপি চৰকাৰে ‘কা’ বাতিল নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব বুলি কয় প্ৰতিবাদকাৰী সকলে।
লগতে পঢ়ক :শোকাকুল পৰিৱেশত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন অৰ্ণৱ কিশোৰ বৰদলৈৰ