অসম

assam

ETV Bharat / state

চাৰিটা দাবীৰে নামৰূপত আছুৰ 24 ঘণ্টীয়া অনশন - আছুৰ 24 ঘণ্টীয়া অনশন

নামৰূপৰ মেৰুদণ্ড সদৃশ্য সাৰ কাৰখানাটোৰ চতুৰ্থ গোট স্থাপনৰ বাবে নামৰূপবাসীৰ লগতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ডেৰ দশক ধৰি আন্দোলন কৰি আহিছে যদিও কোনো এখন চৰকাৰে তেওঁলোকৰ এই দাবীক গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপত কৰে ৷

নামৰূপ আছুৰ ২৪ ঘন্টীয়া অনশন
নামৰূপ আছুৰ ২৪ ঘন্টীয়া অনশন

By

Published : Aug 14, 2020, 8:46 PM IST

নামৰূপ, 14 আগষ্টঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে নামৰূপ সাৰকাৰখানাৰ চতুৰ্থটো গোট শীঘ্ৰে স্থাপন, সাৰ কাৰখানাৰ মেৰামতিৰ বাবে ১০০ কোটি টকাৰ ৰাজ সাহাৰ্য প্ৰদান আৰু সাৰৰ ক'লা বজাৰ বন্ধ কৰি ৰাসায়নিক সাৰৰ অস্বাভাৱিক নাটনি দূৰ কৰাৰ দাবীৰে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণৰ পৰা স্বাধীনতা দিৱসলৈ ২৪ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷

নামৰূপত আছুৰ 24 ঘণ্টীয়া অনশন

শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা নামৰূপ গান্ধী ময়দামৰ সন্মুখত ৰূপায়িত এই কাৰ্যসূচীত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে শতাধিক নামৰূপবাসী ৰাইজে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে নামৰূপৰ মেৰুদণ্ড সদৃশ্য সাৰকাৰখানাটোৰ চতুৰ্থ গোট স্থাপনৰ বাবে নামৰূপবাসীৰ লগতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই ডেৰ দশক ধৰি আন্দোলন কৰি আহিছে যদিও কোনো এখন চৰকাৰে তেওঁলোকৰ এই দাবীক গুৰুত্ব প্ৰদান কৰা নাই ৷

তাৰোপৰি উদ্যোগটোৰ আয়ুস কাল উকলি যোৱা দ্বিতীয় আৰু তৃতীয় গোট দুটাৰ মেৰামতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে এশ কোটি টকাৰ ৰাজসাহাৰ্য প্ৰদানৰ অনুমোদন জনাইছিল যদিও সেইয়াও ৰাজনৈতিক পাকচক্ৰত পৰি বৰ্তমানেও সাৰ সাৰকাৰখানাটোৱে লাভ কৰিবলৈ সক্ষম হোৱাগৈ নাই ৷ ইয়াৰ ফলস্বৰূপে মৃত্যুৰ দুৱাৰডলিত উপনীত হৈছে উদ্যোগটো ৷

ইফালে,উত্তৰ পূৰ্বাঞ্চলৰ লগতে বিহাৰ,পশ্চিমবংগকে আদি কৰি কেইবাখনো বহিঃৰাজ্যৰ কৃষকৰ সাৰৰ চাহিদা পূৰণ কৰা নামৰূপ সাৰ কাৰখানাৰ তথৈৱচ অৱস্থাৰ বাবে সাৰৰ যোগান স্তিমিত হোৱাৰ সুযোগ গ্ৰহণ কৰি অসমৰ একাংশ অসাধু ব্যৱসায়ীয়ে কৃত্ৰিম নাটনিৰে ৰাসায়নিক সাৰৰ মূল্যবৃদ্ধি কৰিছে ৷

ইয়াৰ ফলত খেতিৰ সময়ছোৱাত দুৰ্ভোগ ভুগিছে কৃষকসকলে ৷ সেয়ে অনশনস্থলীৰ পৰা এই সমস্যাৰ লগতে আন তিনিওটা বিষয়ত গুৰুত্ব প্ৰদান কৰিবলৈ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই চৰকাৰক দাবী জনোৱাৰ লগতে এই ক্ষেত্ৰত শীঘ্ৰে গুৰুত্ব প্ৰদান নকৰিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃত্বই ৷

লগতে পঢ়কঃশিঙৰা নদীৰ বিধ্বংসী বানে উটুৱাই নিলে তিনিজনক

ABOUT THE AUTHOR

...view details