অসম

assam

By

Published : Nov 21, 2020, 9:25 PM IST

ETV Bharat / state

সপ্তদশ দুলীয়াজান ছাত্ৰ সন্থাৰ অধিবেশনৰ গ্ৰন্থ বিপনীত পাঠকৰ ভিৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আছু কৰ্মীৰে ভৰি পৰিল দুলীয়াজান ছলাকটকী ৰাজহুৱা খেলপথাৰ। অধিবেশনস্থলীত লক্ষাধিক টকাৰ কিতাপ বিক্ৰী ৷

aasu 17th general conference in duliajan
সপ্তদশ দুলীয়াজান ছাত্ৰ সন্থাৰ অধিবেশনৰ গ্ৰন্থ বিপনীত পাঠকৰ ভিৰ

মৰাণ, ২১ নৱেম্বৰ :দুলীয়াজান ছলাকটকী ৰাজহুৱা খেলপথাৰত বুধবাৰৰ পৰা আয়োজিত সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিবেশনৰ শনিবাৰে সামৰণি পৰিব । অধিবেশনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লগতে আছুৰ প্ৰতিখন জিলাৰ ছাত্ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । অধিৱেশনৰ লগত সংগতি ৰাখি সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, সাংস্কৃতিক সন্ধ্যাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয় । অধিবেশনস্থলীত গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয় ৷

সপ্তদশ দুলীয়াজান ছাত্ৰ সন্থাৰ অধিবেশনৰ গ্ৰন্থ বিপনীত পাঠকৰ ভিৰ

অধিবেশনস্থলীত মুকলি কৰা গ্ৰন্থ বিপনীসমূহত বিগত চাৰিটা দিনত পাঠকৰ ব্যাপক ভীৰ পৰিলক্ষিত হয় । গ্ৰন্থ বিপনীৰ স্বতাধিকাৰীসকলেও মেলাত গ্ৰন্থ অনুৰাগী আৰু পাঠকৰ সমাদৰ লাভ কৰাৰ কথা জানিবলৈ দিয়ে । ৰাজ্যৰ আগশাৰীৰ বহুকেইটা প্ৰকাশন গোষ্ঠীয়ে অংশ লোৱা গ্ৰন্থমেলাত চাৰিটা দিনত প্ৰতিখন বিপনীয়ে ২ লাখ টকাৰ পৰা ৪ লাখ টকা মূল্যৰ কিতাপ বিক্ৰী কৰিবলৈ সক্ষম হোৱাৰো কথা উল্লেখ কৰে বিপনীৰ স্বত্বাধিকাৰীসকলে । ছাত্ৰ সংগঠনৰ অধিবেশনত কিতাপৰ সমাদৰ লাভে সমাজৰ বাবে এটা সুখদায়ক বাৰ্তাৰূপে পৰিগণিত হৈছে ।

সপ্তদশ দুলীয়াজান ছাত্ৰ সন্থাৰ অধিবেশনৰ গ্ৰন্থ বিপনীত পাঠকৰ ভিৰ

লগতে পঢ়ক: বাঘজানত ধাৰাবাহিক ডকাইতি কাণ্ডৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details