মৰাণ, ২২ জুলাই :শেহতীয়াকৈ ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাৰ কলঘৰত সংঘটিত ভয়াৱহ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে (Dibrugarh tea garden accident)। কেইবাটাও সংগঠনে চাহ বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । এইবাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই (আছা) বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।
দুৰ্ঘটনাত আহত মইনা নায়কক উন্নত চিকিৎসা প্ৰদান কৰা, পৰিয়ালক সংস্থাপন আৰু বাগিছা কৰ্তৃপক্ষক উচিত শাস্তি প্ৰদান কৰিবলৈ সংগঠনটোৱে দাবী জনায় । শুকুৰবাৰে বিভিন্ন দাবীৰে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ণ কৰে সংগঠনটোৱে (AASAA Protest in Moran)। ধৰ্মঘটত আছাৰ নেতৃবৃন্দই মৃত্যুৰ সৈতে যুঁজি থকা মইনা নায়কক অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এখন অতি পুৰণি এম্বুলেঞ্চৰ জৰিয়তে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাটো নিন্দনীয় আৰু দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷