তিনিচুকীয়া,১ছেপ্টেম্বৰ: নাহৰকটীয়াত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাথমিক গোট গঠন কৰে সংগঠনটোৱে । নাহৰকটীয়া আঞ্চলিক সমিতিৰ উদ্যোগত তিনিআলি চাহ বাগিচাত প্ৰাথমিক গোট গঠন কৰে ।
নাহৰকটীয়াত 'আছা'ৰ প্ৰাথমিক গোট গঠন - সদৌ আদিবাসী ছাত্ৰ সন্থা
নাহৰকটীয়াত সদৌ আদিবাসী ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰাথমিক গোট গঠন। নৱগঠিত সমিতিখনৰ সভাপতি আৰু সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে ক্ৰমে ৰাজীৱ চৌহান আৰু চোনীল লোহাৰে ।

নাহৰকটীয়াত 'আছা'ৰ প্ৰাথমিক গোট গঠন
নৱগঠিত সমিতিখনৰ সভাপতি আৰু সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ক্ৰমে ৰাজীৱ চৌহান আৰু চোনীল লোহাৰক । উক্ত সভাত উপস্থিত থাকে আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মিঠুৰাজ কিস্কু, নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদকৰ লগতে আন বিষয়ববীয়াসকল ৷
আনহাতে নৱগঠিত সমিতিখনক শুভেচ্ছা জনোৱাৰ লগতে জনগোষ্ঠীটোৰ আৰু দেশৰ বাবে তেওঁলোকৰ দায়িত্ব তথা কৰ্তব্য সম্পৰ্কে অৱগত কৰে জিলাৰ সহকাৰী সাধাৰণ সম্পাদক গৰাকীয়ে ৷