ডিব্ৰুগড়, ৫ মে':ডিব্ৰুগড়ত এইবাৰ আপৰ চমক । শ শ আম আদমী পাৰ্টিৰ কৰ্মীৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত । দুদিনৰ পূৰ্বে দিল্লীত আম আদমী পাৰ্টিত যোগদান কৰাৰ কংগ্ৰেছৰ প্ৰাক্তন যুৱনেতা মনোজ ধানোৱাৰক আদৰিবলৈ এনেদৰে শ শ আম আদমী পাৰ্টিৰ কৰ্মী উপস্থিত হয় ডিব্ৰুগডৰ মোহনবাৰী বিমান বন্দৰত(Manoj Dhanwar joins AAP) ।
আপৰ কৰ্মীসকলে অৰবিন্দ কেজৰিৱাল জিন্দাবাদ, মনোজ ধানোৱাৰ জিন্দাবাদ, ভাৰত মাতা কি জয়, জয় আই অসম আদি ধ্বনিৰে মনোজ ধানোৱাৰক উষ্ম আদৰণি জনায়(Dhanwar warm welcomes Aam Aadmi Party) । দিনৰ ১.৩০ মিনিটত মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই এক বিশাল বাইক ৰেলীৰ জৰিয়তে ডিব্ৰুগড়লৈ আদৰি অনা হয় মনোজ ধানোৱাৰক ।