অসম

assam

ETV Bharat / state

আপ নে জাতীয় পৰিষদ ? ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ দুয়ো দলৰ প্ৰতিযোগিতা ! - অসম জাতীয় পৰিষদ

লোকসভা নিৰ্বাচনক লৈ শাসক-বিৰোধীকে ধৰি সকলো ৰাজনৈতিক দলৰ ব্যাপক প্ৰস্তুতি ৷ আপ আৰু অসম জাতীয় পৰিষদৰ মাজত ডিব্ৰুগড় লোকসভাৰ আসনক লৈ চলিছে প্ৰতিযোগিতা ৷

Lok Sabha Election 2024
ডিব্ৰুগড় লোকসভাত সমষ্টি

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 3:29 PM IST

লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি

ডিব্ৰুগড়, 24 নৱেম্বৰ : লোকসভা নিৰ্বাচনক লৈ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে শাসক-বিৰোধীকে ধৰি সকলো ৰাজনৈতিক দলৰ ৷ বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যত অন্তৰ্ভুক্ত দল সমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কাম-কাজ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ৷ ৰাজ্যত অধিক শক্তিশালী ৰূপত থকা শাসক দল বিজেপিয়ে 12 খন লোকসভাৰ আসন লাভ কৰাৰ দাবী উত্থাপন কৰি সমষ্টিয়ে সমষ্টিয়ে দলীয় সভা, যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছে ৷

ইয়াৰ সমান্তৰালভাৱে বিৰোধী ঐক্যত চামিল হোৱাত আপ, অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্ব দিব খোজা কেইবাটাও সমষ্টিত চলাইছে ৰাজনৈতিক কুচকাৱাজ ৷ লক্ষ্যণীয়ভাৱে দেখিবলৈ পোৱা গৈছে আপ আৰু অসম জাতীয় পৰিষদে লক্ষ্য কৰি লৈছে ডিব্ৰুগড় লোকসভা সমষ্টি ৷ ডিব্ৰুগড়ত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব নিদিয়াৰ কথা প্ৰায় চূড়ান্ত হোৱাত এতিয়া আপ আৰু জাতীয় পৰিষদৰ মাজত ডিব্ৰুগড় লোকসভা আসনক লৈ চলিছে প্ৰতিযোগিতা ৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ডিব্ৰুগড় লোকসভা সমষ্টিৰ এইবাৰৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী হ'ব বুলি চৰ্চাত থকাৰ মাজতে আপ অসমৰ দাবী ডিব্ৰুগড়ত তেওঁলোকৰ সাংগঠনিক স্থিতি ভাল, সেয়েহে ডিব্ৰুগড়ত প্ৰাৰ্থী দিব আপে ৷ ডিব্ৰুগড়ৰ আপৰ প্ৰাৰ্থীৰ দাবীদাৰ এসময়ৰ কংগ্ৰেছ নেতা তথা বৰ্তমান আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰ ৷ দুয়োটা দলৰ দুয়োজন নেতাই ডিব্ৰুগড়ত বাহৰ পাতি চলাইছে সাংগঠনিক কাম-কাজ ৷

ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ আউল লাগিব পাৰে বিৰোধী ঐক্যৰ ৷ কিয়নো আপৰ নেতা মনোজ ধানোৱাৰৰ ডিব্ৰুগড় লোকসভা সমষ্টিত কিছু জনপ্ৰিয়তা থকাৰ বিপৰীতে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰো ডিব্ৰুগড়ৰ ৰাইজৰ মাজত আছে জনপ্ৰিয়তা ৷ আজিৰ দিনত ৰাজ্যৰ আন ঠাইৰ তুলনাত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড়ত কিছু সাংগঠনিক স্থিতি উন্নত ৷ তেনেস্থলত দুয়োটা দলৰ দুয়োজন নেতাৰ মাজত ব্যাপকভাৱে প্ৰতিযোগিতা চলিছে ডিব্ৰুগড় লোকসভা সমষ্টিক লৈ ৷

আনহাতে বিজেপিৰ হ'ব লগা প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ স্থিতি যথেষ্ট ভাল ডিব্ৰুগড় লোকসভাত সমষ্টিত ৷ কিছু কিছু কাৰণত ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰম্ভ হ'লেও বিৰোধীৰ দুৰ্বল ভূমিকাৰ বাবে ৰামেশ্বৰ তেলী বিপদত পৰা সম্ভৱনা খুবেই কম ৷

লগতে পঢ়ক :মন্ত্ৰী বিমল বড়াৰ সমষ্টিৰ এটা পথে জলা-কলা খুৱাইছে ৰাইজক

ABOUT THE AUTHOR

...view details