ডিব্ৰুগড়, ১২ জানুৱাৰী:লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফলৰ লক্ষ্য়ৰে অসমত প্ৰতিটো দলেই পৰোক্ষ ভাৱে প্ৰচাৰৰ লগতে সদস্য় ভৰ্তি অভিযান আৰম্ভ কৰিছে । এই ক্ষেত্ৰত পিছ পৰি থকা নাই আম আদমী পাৰ্টী (Aam Aadmi Party)। ইতিমধ্য়েই দলটোৱে ৰাজ্য়খনৰ বিভিন্ন ঠাইত সদস্য় ভৰ্তি অভিযান চলাইছে । দলীয় সাংগঠিনক ভেঁটি শক্তিশালী কৰাৰ লগতে অৰবিন্দ কেজৰিয়াল চৰকাৰৰ কাম-কাজৰ সাফল্য়ৰ বিষয়ে ৰাইজক অৱগত কৰি দলটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ উজনি অসমত আপৰ ৰাজ্যিক শীৰ্ষ নেতৃত্বত চলিছে যোগদান কাৰ্যসূচী । ইয়াৰে অংশৰূপে বুধবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙত অনুষ্ঠিত হয় এক যোগদান সভা (AAP Joining programme in Tingkhang)৷
এই উপলক্ষে টিংখাঙৰ পিঠাগুটি চাহ বাগিচা ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয় (Pithaguti Tea Estate in Tingkhang)। এই যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টী , কংগ্ৰেছ দলৰ লগতে অন্যান্য দল-সংগঠনৰ শতাধিক লোকে আম আদমী পাৰ্টীত যোগদান কৰে । বিশেষভাৱে এই যোগদান কাৰ্যসূচীত নতুন প্ৰজন্মৰ বহু সংখ্যকে যোগদান কৰা দেখিবলৈ পোৱা যায় । বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত আম আদমী পাৰ্টীৰ আদৰ্শ আৰু কাৰ্যাৱলীৰ প্ৰতি আকৰ্ষিত হৈ তেওঁলোকে দলটোত যোগদান কৰা বুলি কয় । তেওঁলোকে দলটোৰ সাংগঠিনক স্থিতি শক্তিশালী কৰিবলৈ এতিয়াৰে পৰাই কাম কৰি যাব বুলি কয় ।