টিংখাং, 4 ছেপ্টেম্বৰ: অসমৰ ৰাজনীতিত নতুনকৈ উত্থান ঘটিছে অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিৰ (AAP rising in Assam)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাং বিধানসভা সমষ্টিতো শেহতীয়াকৈ দেখা পোৱা গৈছে আম আদমী পাৰ্টিত যোগদানৰ জোৱাৰ ৷
টিংখাঙত দেওবাৰে আম আদমী পাৰ্টীৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় । টিংখাং চাহ বাগিচাত অনুষ্ঠিত হোৱা আপৰ এই যোগদান কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টী , কংগ্ৰেছ দলৰ লগতে অন্যান্য দল সংগঠনৰ পৰা প্ৰায় দুই শতাধিক লোকে আম আদমী পাৰ্টিত যোগদান কৰে (AAP joining program at Tingkhong)। বিশেষভাৱে এই যোগদান কাৰ্যসূচীত নতুন প্ৰজন্মৰ বহু সংখ্যকে যোগদান কৰে ৷
এই যোগদান কাৰ্য্যসূচীত আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰ ,আপৰ মহিলা মৰ্চা যুটীয়া সমন্বয়ীকা অনামিকা দাস , যুৱ শক্তিৰ যুটীয়া সমন্বয়ক বাবুল বিকাশ চেতিয়া , আপৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সমন্বয়ক শম্ভু তাঁতীৰ লগতে দলটোৰ বহুকেইজন ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া আৰু কৰ্মকর্তা উপস্থিত থাকে ৷