অসম

assam

ETV Bharat / state

স্বচ্ছতা অভিযানত সম্পূৰ্ণৰূপে বিফল চৰকাৰ: আম আদমি পাৰ্টি - Aam Aadmi Partys cleanliness campaign in Dibrugarh

ডিব্ৰুগড় পৌৰসভাই চহৰখন পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব নোলোৱাৰ অভিযোগ আম আদমি পাৰ্টীৰ ৷ এজাক বৰষুণ দিলেই কৃত্ৰিম বানৰ সৃষ্টি হয় ডিব্ৰুগড় চহৰত ৷ এই সকলোবোৰ সমস্যাৰ পৰা বিষয়ে ৰাইজক সজাগ কৰিবলৈ আজি চাফাই অভিযানত নামিল আম আদমি পাৰ্টি (Swachh Bharat Mission)।

Aam Aadmi Partys cleanliness campaign in Dibrugarh
স্বচ্ছতা অভিযানত সম্পূৰ্ণ ৰূপে বিফল চৰকাৰ: আম আদমি পাৰ্টি

By

Published : Oct 9, 2022, 9:56 PM IST

ডিব্ৰুগড়, 9 অক্টোবৰ: ডিব্ৰুগড় চহৰৰ নিউ মাৰ্কেটত দেওবাৰে আম আদমি পাৰ্টীৰ স্বচ্ছ অভিযান (Swachh Bharat Mission)। ডিব্ৰুগড় পৌৰসভাই চহৰখন পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব নোলোৱাৰ অভিযোগ আম আদমি পাৰ্টীৰ ৷ এজাক বৰষুণ দিলেই কৃত্ৰিম বানৰ সৃষ্টি হয় ডিব্ৰুগড় চহৰত ৷ এই সকলোবোৰ সমস্যাৰ পৰা বিষয়ে ৰাইজক সজাগ কৰিবলৈ আজি চাফাই অভিযানত নামিল আম আদমি পাৰ্টি (Aam Aadmi Partys cleanliness campaign in Dibrugarh )।

এই চাফাই অভিযানৰ জৰিয়তে চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাই মূল লক্ষ্য আম আদমি পাৰ্টিৰ ৷ আনহাতে চহৰখনত পাৰ্কিং মাৰ্চুল বৃদ্ধিৰ সন্দৰ্ভতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আম আদমী পাৰ্টীৰ ৰাজ্যিক যুটীয়া সমম্বয়ক মনোজ ধানোৱাৰে । ডিব্ৰুগড় পৌৰসভাৰ অন্তৰ্গত চহৰখনত পাৰ্কিং মাৰ্চুল বৃদ্ধিৰ সন্দৰ্ভত আপৰ নেতা মনোজ ধানোৱাৰে ক্ষোভ প্ৰকাশ কৰে ।

তেওঁ কয় "কেৱল মাত্ৰ উশাহ-নিশাহ লোৱাতহে চৰকাৰে TAX লগোৱা নাই । বাকী দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৷ সেয়েহে এই সকলোবোৰ সমস্যাৰ প্ৰতি ৰাইজে চৰকাৰৰ বিৰুদ্ধে মাত মাতিব লাগে"৷

স্বচ্ছতা অভিযানত সম্পূৰ্ণ ৰূপে বিফল চৰকাৰ: আম আদমি পাৰ্টি

আজি পুৱাই চহৰখনৰ মাজমজিয়াত স্বচ্ছ অভিযান চলাই আম আদমী পাৰ্টিয়ে স্বচ্ছতাৰ ক্ষেত্ৰত সজাগতাৰ প্ৰয়াস কৰে । চহৰখন পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় পৌৰসভাই গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰে আদমী পাৰ্টীয়ে । ইফালে চহৰখনত পাৰ্কিং মাৰ্চুল বৃদ্ধিৰ সন্দৰ্ভতো প্ৰয়োজন সাপেক্ষে আইনৰ কাষ চপাৰ কথাও উল্লেখ কৰে আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক মনোজ ধানোৱাৰে ।

উল্লেখ্য যে, স্বচ্ছ ভাৰত অভিযান ভাৰত চৰকাৰৰ উদ্যোগত চলা এক অভিযান ৷ এই অভিযানৰ উদ্দেশ্য হৈছে জনসাধাৰণক দ্ৰুতগতিত সৰ্বজনীন অনাময় ব্যৱস্থাৰ আওঁতালৈ অনা আৰু লগতে ব্যক্তিগত অনাময় ব্যৱস্থাৰ আবশ্যকতা আৰু দেশখনক চাফ-চিকুন কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি সচেতন কৰি তোলা । কিন্তু আম আদমি পাৰ্টিৰ অভিযোগ স্বচ্ছতা অভিযানত সম্পূৰ্ণ ৰূপে বিফল হৈছে চৰকাৰ ৷

লগতে পঢ়ক:Swachh Bharat Mission: লক্ষ্য পূৰণত ব্যৰ্থ বিজেপি চৰকাৰ

ABOUT THE AUTHOR

...view details