অসম

assam

ETV Bharat / state

গাড়ী ক্ৰয় কৰিবলৈ সাঁচি ৰখা ধনেৰে চিকিৎসকে সজালে মহাবিদ্যালয়

মৰাণৰ তিনঠেঙীয়াৰ ছাত্ৰ-ছাত্ৰীৰ অভাৱ দূৰ কৰি এখন মহাবিদ্যালয় স্থাপনৰ বাবে আগবাঢ়ি আহিল এগৰাকী চিকিৎসক ৷ ডাঃ অমিয়া কছাৰীয়ে মাতৃৰ নামত স্থাপন কৰিলে মনোৰমা কছাৰী মহাবিদ্যালয় ৷

মৰাণত এগৰাকী সমাজ সেৱীকাই দূৰ কৰিলে মহাবিদ্যালয়ৰ অভাৱ
মৰাণত এগৰাকী সমাজ সেৱীকাই দূৰ কৰিলে মহাবিদ্যালয়ৰ অভাৱ

By

Published : Nov 29, 2020, 8:40 AM IST

মৰাণ, 29 নৱেম্বৰ : "আধাৰুৱা শিক্ষাই জীৱন অন্ধকাৰ কৰি তোলে" এই মন্তব্য ড৹ উদ্ধৱ ভৰালীৰ ৷ মৰাণৰ ভিতৰুৱা অঞ্চল সমূহত বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ জীৱনত এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷ মৰাণৰ তিনঠেঙীয়াৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলে দীৰ্ঘদিন ধৰি অঞ্চলটোত এখন মহাবিদ্যালয়ৰ অভাৱ অনুভৱ কৰি আহিছে ৷ এই অভাৱটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে আগবাঢ়ি আহিছে এগৰাকী মানৱ দৰদী, সমাজ সেৱিকা তথা চিকিৎসক ৷

মৰাণত এগৰাকী সমাজ সেৱীকাই দূৰ কৰিলে মহাবিদ্যালয়ৰ অভাৱ

এয়া অঞ্চলবাসীৰ বাবে গৌৰৱ আৰু সৌভাগ্যৰ বিষয় ৷ উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাং তিনিঠেঙীয়াৰ ৰৌমাৰি গাঁৱত জন্মগ্ৰহণ কৰা ডাঃ অমিয়া কছাৰীয়ে নিজৰ যাতায়াতৰ বাবে এখন বিলাসী বাহন ক্ৰয় কৰিবলৈ জমা কৰা টকাৰে হাইস্কুলীয়া শিক্ষা অধ্যয়ন কৰা তিনঠেঙীয়া জনজাতি কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত এখন মহাবিদ্যালয় স্থাপন কৰিবলৈ আগবাঢ়ি আহিল । জীৱিত মাতৃৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে মনোৰমা কছাৰী মহাবিদ্যালয় নিৰ্মাণৰ দায়িত্ব পালনেৰে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিলে চিকিৎসক গৰাকীয়ে ৷

মৰাণত এগৰাকী সমাজ সেৱীকাই দূৰ কৰিলে মহাবিদ্যালয়ৰ অভাৱ

যোৱা ২৭ নৱেম্বৰত সম্পূৰ্ণ বৈষ্ণৱ ধৰ্মীয় পৰম্পৰাৰে গায়ন-বায়ন আৰু আয়তীৰ উৰুলী ধ্বনিৰে মহাবিদ্যালয় ভৱনৰ শিলান্যাস কৰে বিশিষ্ট বিজ্ঞানী, গৱেষক, উদ্ভাৱক, শিক্ষাবিদ পদ্মশ্ৰী ড৹ উদ্ভৱ ভৰালীয়ে ৷ শিলান্যাস অনুষ্ঠানৰ পাছতে প্ৰস্তাৱিত মনোৰমা কছাৰী মহাবিদ্যালয় নিৰ্মাণ সমিতিৰ উপ-সভাপতি দুৰ্লভ বড়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা ৷

মৰাণত এগৰাকী সমাজ সেৱীকাই দূৰ কৰিলে মহাবিদ্যালয়ৰ অভাৱ

তিনঠেঙীয়া জনজাতি কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বীৰেন দত্তই উদ্দেশ্য ব্যখ্যা কৰা সভাত ড৹ উদ্ভৱ ভৰালী মুখ্য অতিখি ৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰাৰ লগতে ডাঃ অমিয়া কছাৰী, সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰি, মনোৰমা কছাৰী, মৰাণ প্ৰেছ ক্লাৱৰ সম্পাদক কৰুণা ফুকন বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ৷

লগতে পঢ়ক :ৰঙিয়াত দ্ৰুতবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত মহিলা

ABOUT THE AUTHOR

...view details