নাহৰকটীয়া, 1 জুলাই : জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আনুষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা মঙলবাৰে দুপৰীয়া পলায়ন কৰে এগৰাকী যুৱকে ৷ যোৱা 26 জুনত ব্ৰহ্মুপুত্ৰ মেইলযোগে দিল্লীৰ পৰা আহিছিল পলাতক বাইপন কুমাৰ (22) নামৰ যুৱকজন ৷ ডিব্ৰুড়ৰ বাণীপুৰ ৰে'ল ষ্টেচনত আহি পোৱাৰ পিচতে স্বাৱ পৰীক্ষাৰ অন্তত তেওঁৰ লগতে 7 গৰাকী লোকক প্ৰেৰণ কৰা হৈছিল জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৷
জয়পুৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন এজন যুৱকৰ - জয়পুৰ কোৱাৰেণ্টাইন কেন্দ্ৰ
যোৱা 26 জুনত ব্ৰহ্মুপুত্ৰ মেইলযোগে দিল্লীৰ পৰা অহা বাইপন কুমাৰ (22) নামৰ যুৱক এজনে পলায়ন কৰে কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ৷ জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আনুষ্ঠানিক কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল যুৱকজন ৷
নাহৰকটীয়াৰ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, বুধবাৰে প্ৰায় 11 মান বজাত কোৱাৰেণ্টাইন কেন্দ্ৰৰ তত্বাৱধায়কে তেওঁক এই বিষয়ে অৱগত কৰে ৷ জানিব পৰা মতে, পুৱা গা ধুৱলৈ যোৱাৰ অজুহাতত যুৱকজনে সেই কেন্দ্ৰ পৰা পলায়ন কৰে ৷ ইতিমধ্যে যুৱক জনৰ বিৰুদ্ধে জয়পুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা হৈছে ৷ লগতে জিলা উপায়ুক্তকো এই বিষয়ে অৱগত কৰা হৈছে আৰু বিহিত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে ৷ আৰক্ষীয়ে ৪৪/২০২০ নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিত যুৱক জনক বিচাৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ পলাতক যুৱকজন ডিব্ৰুগড়ৰ বিবেক হোটেলত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে ৷