ডিব্ৰুগড়, 9 ছেপ্টেম্বৰ :ৰাজ্যত চৰকাৰে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনক আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনাই থকাৰ সময়তে নিজ সংগঠনটোলৈ উজনিত সদস্য ভৰ্তিৰ বাবে তৎপৰ হৈ পৰিছে আলফা স্বাধীন । বিশেষকৈ ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত বিশেষ সক্ৰিয়তা প্ৰদৰ্শন কৰিছে আলফা স্বাধীনে । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ জকাই উলোম গাঁৱৰ অংকুল হাজৰিকা নামৰ যুৱকজন সন্ধানহীন হোৱাত সৃষ্টি হৈছে ৰহস্যৰ ।
পেহীয়েকৰ ঘৰলৈ বুলি ওলাই যোৱা অংকুলক বিচাৰি এতিয়া হাহাকাৰ কৰি ফুৰিছে পিতৃ-মাতৃয়ে ৷ অসহায় পিতৃ-মাতৃ উচুপি উঠিল সাংবাদিকৰ সন্মুখতে ৷ ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড়ৰ জকাই উলোম গাঁৱত । অংকুল হাজৰিকা নামৰ ২৪ বছৰীয়া যুৱকজন সন্ধানহীন হৈ আছে । ডিব্ৰুগড় চহৰৰ পেহীয়েকৰ ঘৰলৈ যাওঁ বুলি ওলাই যোৱা যুৱকজন ৩ ছেপ্টেম্বৰৰ পৰা নিজা গৃহলৈ ঘূৰি অহা নাই । পৰিয়ালৰ লোকে বৰবৰুৱা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান লাভ কৰা নাই ।