অসম

assam

ETV Bharat / state

দুলীয়াজানত অইল বিষয়াৰ পত্নীৰ ৰহস্যজনক আত্মহত্যা - আত্মহত্যা

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া কিৰণ চেত্ৰীৰ পত্নী মণিতা চেত্ৰীৰ ৰহস্যজনক আত্মহত্যা ৷ আত্মহননৰ পূৰ্বে ফেচবুকৰ প’ষ্টৰ জৰিয়তে আত্মহত্যাৰ কাৰণ স্পষ্ট কৰে মণিতাই ৷ বিয়াৰ পাচত স্বামী আৰু শাহুৱেকে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ মণিতাৰ ৷

suicide in duliajan
দুলীয়াজানত ৰহস্যজনক আত্মহত্যা

By

Published : Dec 4, 2020, 12:48 PM IST

মৰাণ,4 ডিচেম্বৰ : তৈলনগৰী দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ বিষয়াৰ পত্নীৰ ৰহস্যজনক মৃত্যুৱে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ দুলীয়াজান আৰক্ষী থানাৰ অৰ্ন্তগত অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া আৱাসিক অঞ্চলৰ ডি প্লাছ 98 আবাসগৃহ তথা অইল ইণ্ডিয়া লিমিটেডৰ একাউন্টছ বিভাগৰ বিষয়া কিৰণ চেত্ৰীৰ পত্নী মণিতা চেত্ৰীয়ে আত্মহত্যা কৰে ।

দুলীয়াজানত ৰহস্যজনক আত্মহত্যা

উল্লেখ্য যে, আত্মহননৰ পথ বাছি লোৱাৰ কেইটামান মুহূৰ্তৰ পূৰ্বে মণিতা চেত্ৰীয়ে ফেচবুকত আত্মহত্যাৰ পথ গ্ৰহণ কৰাৰ সকলো তথ্য সদৰী কৰি থৈ গৈছে । মণিতাৰ পিতৃ গৃহৰ পৰিয়ালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, 2016 চনৰ ডিচেম্বৰ মাহতেই পাছীঘাট অঞ্চলৰ প্ৰয়াত টেক বাহাদুৰ চেত্ৰী আৰু নমায়া চেত্ৰীৰ পুত্ৰ কিৰণ চেত্ৰীৰ সৈতে জাগীৰোড আমলীঘাট অঞ্চলৰ পৰশুৰাম চেত্ৰী আৰু কল্পনা চেত্ৰীৰ একমাত্ৰ কন্যা মণিতা চেত্ৰী ওৰফে চানু সামাজিকভাৱে বিবাহপাশত আবদ্ধ হৈছিল । তেওঁলোকৰ এটি তিনিবছৰীয়া সন্তানো আছে ৷

দুলীয়াজানত ৰহস্যজনক আত্মহত্যা

কিন্তু বিয়াৰ পাচৰে পৰা অইল বিষয়া কিৰণ চেত্ৰী আৰু তেওঁৰ মাতৃ নমায়া চেত্ৰীয়ে মণিতাৰ ওপৰত মানসিক নিৰ্যাতন আৰম্ভ কৰিছিল । পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, মনিতা চেত্ৰীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উচ্চ শিক্ষা গ্ৰহণ কৰি বিয়াৰ পূৰ্বে মঙলদৈ কেন্দ্ৰীয় বিদ্যালয় আৰু জাগীৰোড মহাবিদ্যালয়ত কৰ্মৰত অৱস্থাত আছিল । বিয়াৰ পূৰ্বে কিৰণ চেত্ৰী আৰু তেওঁৰ মাতৃয়ে অইলত চাকৰি দিয়াৰ প্ৰলোভনেৰে মণিতাক বিয়া কৰাইছিল ।

পৰৱৰ্তী সময়ত চাকৰিৰ পৰিৱৰ্তে মণিতাক স্বামী আৰু শাহুৱে প্ৰতিদিনেই মানসিক নিৰ্যাতন চলাই আহিছিল । 1 ডিচেম্বৰৰ পুৱতি নিশা মণিতাই নিজ আবাসগৃহত এখন চিলিং ফেনত চীপ লৈ আত্মহত্যা কৰে । ঘটনাক লৈ মণিতাৰ পিতৃয়ে জোৱায়েক তথা কিৰণ চেত্ৰীৰ বিৰুদ্ধে দুলীয়াজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

উক্ত এজাহাৰৰ ভিত্তিত দুলীয়াজান আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 306 নম্বৰৰ অধীনত 590/2020 ধাৰাত এক গোচৰ ৰুজু কৰি অভিযুক্ত অইল বিষয়া কিৰণ চেত্ৰীক আটক কৰাৰ লগতে বৃহস্পতিবাৰে ডিব্রুগড়ৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :দলগাঁৱত দুৰ্বৃত্তৰ আক্ৰমণত এজন নিহত হোৱাৰ লগতে আহত দুজন

ABOUT THE AUTHOR

...view details