মৰাণ, 18 জুন :বুঢ়ীদিহিং নদীৰ মাজত এক সুকীয়া পৰিৱেশৰ মাজত বসবাস কৰিছে এখন গাঁও ৷ কেৱল নাঁৱৰ ওপৰতে নিৰ্ভৰ কৰি যাতায়ত কৰে গঁঞা ৰাইজে ৷ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ কোটোহা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰায় গাঁও তথা ভগামূৰ নেপালী গাঁওখন অৱস্থিত । বুঢ়ীদিহিংৰ মাজত মাজুলি সদৃশ এই গাঁওখন ৷ গাঁওখনক বুঢ়ীদিহিং নদীয়ে চাৰিও দিশে আৱৰি ৰাখিছে । এই গাঁৱখনৰ বাসিন্দা সকলৰ যাতায়তৰ একমাত্ৰ মাধ্যম হৈছে নাঁও ।
বাৰিষা, খৰালি সকলো সময়তে নাঁৱেৰে গাঁওবাসীৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও যাতায়ত কৰিব লগা হয় । গাঁও খনত চিকিৎসাৰ ক্ষেত্ৰত নাই কোনো ধৰণৰ ব্যৱস্থা । ৰোগীক নাঁৱৰ জৰিয়তে বুঢ়ীদিহিং নদী পাৰ কৰি চিকিৎসালয়লৈ নিব লাগে । প্ৰায় এহেজাৰো অধিক মাটিকালিৰে আৱৰি থকা এই ৰায় গাঁওখন 1950 চনৰ ভুইকঁপৰ পিছতে প্ৰতিষ্ঠা হোৱা বুলি গাঁৱৰ জ্যেষ্ঠসকলে জানিবলৈ দিয়ে ।
গাঁৱৰ ৰাইজে নিবাৰ্চনৰ সময়তো ভোট দিয়ে কিন্তু গাঁও খনলৈ নাহে কোনো জনপ্ৰতিনিধি । বৰ্তমানে ১৪ টা পৰিয়ালে বসবাস কৰে এই গাওঁখনত । জনসংখ্যাৰ হিচাপত গাওঁখনত প্ৰায় ৮০ জনলোক আছে ।