মৰাণ,22 অক্টোবৰ: শিক্ষকতাৰ দৰে এক পবিত্ৰ বৃত্তিত নিয়োজিত এগৰাকী শিক্ষকে সন্মুখীন হৈছে আৰ্থিক দুৰৱস্থাৰ ৷ বিনা বেতনেৰে অৱসৰ গ্ৰহণ কৰা শিক্ষকগৰাকী হৈছে কান্তেশ্বৰ সোণোৱাল ৷ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ জামিৰা টেপৰ গাঁও নিবাসী কান্তেশ্বৰ সোণোৱালে এতিয়া চিকিৎসাৰ নামত হৈছে একপ্ৰকাৰ সৰ্বস্বান্ত ৷ 1987 চনৰ পৰা বিনা বেতনেৰে শিক্ষকতা কৰি অহা শিক্ষকগৰাকীয়ে অৱসৰ গ্ৰহণ কৰে 2017 চনৰ ডিচেম্বৰ মাহত ৷ জামিৰা জনজাতি এম ই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক কান্তেশ্বৰ সোণোৱাল উক্ত বছৰতে আক্ৰান্ত হয় হৃদৰোগত ৷ তেতিয়াৰে পৰা ধাৰাবাহিকভাৱে চিকিৎসা গ্ৰহণ কৰি আহিছে ব্যক্তিগৰাকীয়ে ৷ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সোণোৱালে চিকিৎসা গ্ৰহণৰ অন্তত উন্নত চিকিৎসাৰ বাবে ব্যক্তিগৰাকী শ্বিলঙলৈ যায় ৷ ৰাইজৰ দান-বৰঙণিৰে শ্বিলঙত ব্যক্তিগৰাকীয়ে সম্পন্ন কৰে এক জটিল অস্ত্ৰোপচাৰৰ ৷
আপোনাৰ এধানি সহাৰিয়ে হাঁহি বিৰিঙাব কান্তেশ্বৰ সোণোৱালৰ মুখত - কান্তেশ্বৰ সোণোৱাল
মৰাণ বিধানসভা সমষ্টিৰ এগৰাকী শিক্ষকৰ কৰুণ কাহিনী ৷ আন দহগৰাকীৰ জীৱন পোহৰ কৰা ব্যক্তিগৰাকীৰ এতিয়া নিজৰে জীৱন হৈ পৰিছে অন্ধকাৰাছন্ন ৷ সদাশয় কোনো ব্যক্তিৰ সহায়ে হাঁহি বিৰিঙাব পাৰে কান্তেশ্বৰ সোণোৱাল নামৰ ব্যক্তিগৰাকীৰ মুখত ৷
ইয়াৰ পিছৰে পৰা তীব্ৰ আৰ্থিক সংকটত ভূগিছে ব্যক্তিগৰাকী ৷ নিয়মিত ঔষধ খাবলৈয়ো ব্যক্তিগৰাকীৰ হাতত মজুত নাই পৰ্যাপ্ত ধন ৷ আন দহগৰাকীৰ ভৱিষ্যত পোহৰ কৰা কান্তেশ্বৰ সোণোৱালৰ নিজৰ জীৱনতে ছানি ধৰিছে তমসাই ৷ শিক্ষকতাৰ মাজেৰে জীৱন উৰ্চগা কৰা সোণোৱালক এতিয়া প্ৰয়োজন হৃদয়বান লোকৰ সহায়ৰ ৷ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে আজিলৈকে লাভ নকৰিলে কোনো চৰকাৰী সা-সুবিধা ৷ মৰাণৰ স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে ব্যক্তিগৰাকীৰ খবৰ লৈ সহায়ৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে এইক্ষেত্ৰত কোনো সহযোগিতা আগবঢ়োৱা দেখা নগ’ল ৷ স্থানীয় দল-সংগঠন বিশেষকৈ সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপু ৰঞ্জন মাক্ৰাৰিয়েও সোণোৱালক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সহায় কৰাৰ ৷ সেয়ে উপায়বিহীন ব্যক্তিগৰাকীয়ে জীয়াই থকাৰ স্বাৰ্থত বিচাৰিছে সদাশয় লোকৰ সহায়ৰ হাত ৷ ইয়াৰ বাবে ব্যক্তিগৰাকীয়ে প্ৰকাশ কৰিছে এটি যোগাযোগৰ নম্বৰ ৷ উক্ত নম্বৰটি হৈছে ৯৯৫৭৬-৬৮১৮৯ ৷ যদি কোনো সদাশয় লোকে ব্যক্তিগৰাকীক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে উক্ত নম্বৰত যোগাযোগ কৰি সহায় আগবঢ়াব পাৰে ব্যক্তিগৰাকীক ৷
লগতে চাওকঃডিব্ৰুগড়ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক