ডিব্ৰুগড়, 16 ছেপ্টেম্বৰ : পথাৰ আমাৰ বজাৰ আমাৰ, সম্প্ৰত্তি এই শ্লোগানটোৱে সমাজত ব্যাপক চৰ্চা লাভ কৰিছে ৷ এই শ্ল'গানটোৱে নৱপ্ৰজন্মক ব্যাপকভাৱে উৎসাহিত কৰিছে ৷ কিন্তু নাহৰকটীয়াৰ জয়দত কোঁৱৰ নামৰ ব্যক্তিজনৰ বাবে এই শ্ল'গানটো বহু পুৰণি ৷ আজিৰ পৰা 30 বছৰ পূৰ্বেই তেওঁ এই বজাৰ পথাৰৰ ধাৰণাটো আৰম্ভ কৰিছিল ৷
উল্লেখ্য যে,যিখিনি সময়ত অসমৰ কৃষকক চৰকাৰে বিজ্ঞানসন্মত কৃষি কৰাৰ সুযোগ সুবিধাৰ আঁচনি দিবলৈ সক্ষম হোৱা নাছিল সেইখিনি সময়তেই স্বাৱলম্বিতাৰ বাবে অসমীয়া গাঁৱৰ ডেকাই উপায়হীন হৈ বিভিন্ন পন্থা হাতত ল'বলৈ বাধ্য হৈছিল ৷ ঠিক সেই সময়তে ডিব্ৰুগড়ৰ জয়দত কোঁৱৰে স্বাৱলম্বী হোৱাৰ বাট কাটিবলৈ আৰম্ভ কৰিছিল ৷
সাধাৰণতে কৃষি বুলিলে অসমত ধান,শাক-পাচলি আৰু চাহ খেতিৰ কথাকেই মনলৈ আহে যদিও এইজন অসমীয়াৰ তেতিয়াৰ দিনৰ পৰাই কৃষি কাৰ্যটো এক ব্যতিক্ৰমী ধাৰণা আছিল । এই ব্যক্তিজনৰ নিজ ঘৰৰ চৌহদৰ প্ৰায় ৭০ বিঘা ভূমিত আছে মাটিকঠাল, নাৰিকল,বিভিন্ন প্ৰজাতিৰ নেমু,মধুৰি, ক'ল,জলকীয়া,কুহিয়াঁৰ,চজিনা,তামুল চাহৰ শাৰী শাৰী গছ। লগতে বিভিন্ন ঔষধী গছ,বিভিন্ন প্ৰজাতিৰ ফুলৰ নাৰ্ছাৰী আদি ।