ডিব্ৰুগড়,30 মে':স্বাস্থ্য বিভাগলৈ আৱন্টিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনৰ উন্নত প্ৰযুক্তিৰ এখন অত্যাধুনিক বাহন । বাহনখনক গছ-বনে গজালি মেলি ঢাকি পেলোৱাৰ লগতে চকাবোৰ মাটিত পচিবলৈ আৰম্ভ কৰিছে ৷
এই বাহনখনৰ ভিতৰত আছে একাংশ যন্ত্ৰ পাতি আৰু হাজাৰ হাজাৰ ঔষধ । অত্যাধুনিক সুবিধাযুক্ত স্বাস্থ্য বিভাগৰ বাহনখনকেইখন এটা বা দুটা সৰু বিজুতিৰ বাবে এনেদৰে পৰিত্যক্ত হৈ ৰৈছে ডিব্ৰুগড়ৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ চৌহদত ।
পৰিত্যক্ত অৱস্থাত অত্যাধুনিক সুবিধাযুক্ত এখন বিশেষ বাহন উল্লেখ্য যে, বাহনখনৰ কাষতে সক্ৰিয় অৱস্থাত আছে আন দুখন বাহন ৷ কিন্তু কিছুদিনৰ পাচতে হয়তো সেই কেইখন বাহনো এই অৱস্থাত পৰিণত হ’ব ৷
যেতিয়া কোনোবা গাঁৱত কোনোবা দুৰ্গম অঞ্চলত ৰোগীক ঠেলাত, বোকোচাত, চাঙীত তুলি স্বাস্থ্য কেন্দ্ৰলৈ জৰুৰীভাৱে নিয়াৰ দৃশ্য দেখা পোৱা যায় তেতিয়া এনেদৰে সুন্দৰ হৈ সাধাৰণ অজুহাতত পৰি ৰোৱা বাহনবোৰৰ দৃশ্যই ভবাই তোলে । এতিয়াও যেন পৰিৱৰ্তন বাকী ৰৈছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ৷
লগতে পঢ়ক:কৰ’ণা বিভীষিকা: পেটত গামোচা বান্ধিবলগীয়া হৈছে একাংশ কুমাৰে