অসম

assam

By

Published : May 10, 2021, 11:17 AM IST

ETV Bharat / state

স্ব-নিৰ্ভৰশীলতাৰ অন্যতম নিদৰ্শন জকাইৰ জোনমনি কোঁৱৰ

ডিব্ৰুগড়ৰ জকাই কোঁৱৰ গাঁৱৰ জোনমণি কোঁৱৰ স্ব-নিৰ্ভৰশীলতাৰ অন্যতম নিদৰ্শন স্বৰূপ ৷ বিভিন্ন হাতৰ বিদ্যাত পাৰ্গত মহিলা গৰাকীৰ কাৰু-কাৰ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

স্ব-নিৰ্ভৰশীলৰ অন্যতম নিদৰ্শন জকাইৰ জোনমনি কোঁৱৰ
স্ব-নিৰ্ভৰশীলৰ অন্যতম নিদৰ্শন জকাইৰ জোনমনি কোঁৱৰ

মৰাণ, 10 মে’: স্ব-নিৰ্ভৰশীলতাৰ অন্যতম নিদৰ্শন গ্ৰামাঞ্চলৰ এগৰাকী সাধাৰণ মহিলা ৷ বিভিন্ন হাতৰ বিদ্যাত পাৰ্গত এগৰাকী মহিলা ৷ যাৰ কাৰু-কাৰ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷

নাম জোনমণি কোঁৱৰ ৷ দুটাকৈ সন্তানৰ মাতৃ ডিব্ৰুগড়ৰ জকাই কোঁৱৰ গাঁৱৰ জোনমণি কোঁৱৰৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে তাঁতত গামোচা, ৰুমাল, চাদৰ-মেখেলা ইত্যাদিয়ে ৷ কেৱল বোঁৱা-কটাই নহয় জোনমণি কোঁৱৰে হাঁহ-কুকুৰা, গাহৰি-ছাগলী আদিও পোহ-পালন কৰি স্বাৱলম্বীতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷

স্ব-নিৰ্ভৰশীলতাৰ অন্যতম নিদৰ্শন জকাইৰ জোনমনি কোঁৱৰ

ইয়াৰ উপৰিও জোনমণি কোঁৱৰৰ বাৰী শাক-পাচলিয়েও দৃষ্টি আকৰ্ষণ কৰিছে অঞ্চলবাসীৰ ৷ বাৰীত লমা-লমে ওলমি ৰৈছে ভোট জলকীয়াৰ পৰা আদি কৰি বিভিন্ন পাচলি ৷ কম মাটিতে ভোট জলকীয়া উৎপাদন কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে জোনমণি কোঁৱৰে ৷

স্ব-নিৰ্ভৰশীলতাৰ অন্যতম নিদৰ্শন জকাইৰ জোনমনি কোঁৱৰ

বোৱা-কটা, বাৰীৰ শাক-পাচলিৰ লগতে এখন ক্ষুদ্র গেলামালৰ দোকানো আছে জোনমণিৰ ৷ এই ক্ষুদ্র গেলামালৰ দোকানোৰ পৰাও কিছু টনকীয়াল হ’ব পাৰিছে ডিব্ৰুগড়ৰ জকাই কোঁৱৰ গাঁৱৰ এই মহিলা গৰাকীয়ে ৷

স্ব-নিৰ্ভৰশীলতাৰ অন্যতম নিদৰ্শন জকাইৰ জোনমনি কোঁৱৰ

যি সময়ত চৰকাৰী চাকৰিৰ বাবে যুৱক-যুৱতী সকলে হাবাথুৰি খাই ফুৰিছে, তেনে সময়ত স্ব-নিৰ্ভৰশীলতা হোৱাৰ নিদৰ্শন দেখুৱাইছে জকাইৰ জোনমনি কোঁৱৰ বৰ্তমান সকলোৰে বাবে এক আদৰ্শ স্বৰূপ ৷

লগতে পঢ়ক:ধেমাজি 'জ্যেষ্ঠ কুঞ্জ'ত মাতৃ দিৱস পালন

ABOUT THE AUTHOR

...view details