মৰাণ, 2 জুলাই :ক'ভিড ভয়াৱহতাৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত প্ৰথম বাৰৰ বাবে অসমলৈ আহি গ্ৰেপ্তাৰ হৈছে দিল্লীৰ এজন যুৱক ৷ তাৰ পাচতে পোহৰলৈ আহিছে মহিলা সৰবৰাহৰ ঘটনা ৷ কি দৰে মহিলাক ঠগ প্ৰৱঞ্চনা কৰি প্ৰেমৰ জালত পেলাই বহিঃৰাজ্যলৈ সৰবৰাহ কৰে ৷
জানিবপৰা মতে, সামাজিক মাধ্যমত প্ৰথমে চিনাকী হৈ ডিব্ৰুগড় জিলাৰ জকাই পুৰণি বলাই গাঁৱৰ এগৰাকী ২৫ বছৰীয়া বিবাহিত মহিলাক দিল্লীলৈ নিবলৈ আহি আৰক্ষীৰ হাতত ধৰা পৰে দিল্লীৰ এজন যুৱক । পৰিয়ালৰ সন্দেহ বহিঃৰাজ্যত মহিলা গৰাকীক বিক্ৰী কৰিবলৈ নিয়া বাবে চেষ্টা কৰিছিল যুৱকজনে । যুৱক জনৰ নাম অজিত ৰাজপাল ।
দিল্লীৰ অজিত অসমলৈ আহি অসমৰ অজিতৰ হাতত গ্ৰেপ্তাৰ হ’ল উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে নাৰী সৰবৰাহকাৰী ৪১ বছৰীয়া অজিত ৰাজপালে ম'বাইলৰ যোগেদি ভিডিঅ' কল কৰি বোৱাৰী গৰাকীৰ সৈতে চিনাকী হোৱাৰ পাচতে বৃহস্পতিবাৰে হঠাৎ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হয় ৷ অজিতে বোৱাৰী গৰাকীক লগত লৈ দিল্লীলৈ নিয়াৰ সময়তে CISF ৰ সন্দেহ হোৱাত তাৎক্ষণিকভাৱে মোহনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত সোণোৱালক খবৰ দিয়াত বিমান বন্দৰৰ পৰা আটক কৰি লৈ আহে ।
ইপিনে যুৱক জনৰ ম'বাইলত বহু যুৱতীৰ সৈতে ভিডিঅ' কল কৰাৰ তথ্যও আৰক্ষীয়ে লাভ কৰিছে । ইতিমধ্যে দিল্লীৰ অজিত ৰাজপালৰ বিৰুদ্ধে বৰবৰুৱা আৰক্ষী থানাত বোৱাৰী গৰাকীৰ স্বামীয়ে গোচৰ ৰুজু কৰিছে । কি কাৰণত মহিলাক দিল্লীলৈ নিবলৈ আহিছিল সেইয়া আৰক্ষীৰ তদন্তৰ পাচতহে পোহৰলৈ আহিব । ইতিমধ্যে মহিলা গৰাকীৰ স্বামীৰ এজেহাৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়কঃ ডেৰ বছৰীয়া বন্দীত্বৰ অৱসানেৰে মুকলি আকাশৰ তলত অখিল গগৈ