অসম

assam

By

Published : Jul 10, 2020, 4:08 AM IST

ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত কোভিড-19 ত আক্ৰান্ত ব্যক্তিৰ মৃত্যু

অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন এজনৰ মৃত্যু ৷ কোভিড-19 আক্ৰান্ত বুলি ধৰা পৰে মৃত্যুৰ পাচত ৷ মৃতদেহ সৎকাৰক লৈ চিন্তিত প্ৰশাসন ৷

covid-19 possitive
covid-19 possitive

ডিব্ৰুগড়,9 জুলাই : অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু এগৰাকী কোভিড-19 আক্ৰান্ত ৰোগীৰ ৷ অৱশ্যে ৰোগীৰজনৰ মৃত্যুৰ পাচতহে কোভিড-19 আক্ৰান্ত বুলি জানিব পৰা যায় ৷ ভবেন গগৈ নামৰ ব্যক্তিজন বুধবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈছিল । নিমুনিয়াকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত আছিল ব্যক্তিজন । কিন্তু ভৰ্তি হোৱাৰ মাত্ৰ ছয় ঘণ্টাৰ পাচতে চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ভবেন গগৈৰ । মৃত্যুৰ পাচত স্বাৱ পৰীক্ষাত কোভিড-19 ধৰা পৰে তেখেতৰ। আৰু ইয়াৰ পাছতেই সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।

আনহাতে তেওঁৰ পৰিয়ালে কোভিড পজিটিভ পোৱাৰ পাচত মৃতদেহ চৰাইদেউলৈ নিবলৈ অমান্তি হোৱাত ডিব্ৰুগড় জিলা প্ৰশাসনে ডিব্ৰুগড়তে সৎকাৰ ব্যৱস্থা কৰে যদিও কোনো স্থান নিৰ্ণয় কৰিব পৰা নাই নিশা পৰ্যন্ত ।

অসম চিকিৎসা মহাবিদ্যালয়ত কোভিড-19 আক্ৰান্তৰ মৃত্যু

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ভবেন গগৈৰ মৃত্যুৰ পাচত কৰ'ণা আক্ৰান্ত বুলি ধৰা পৰাত চাঞ্চল্যৰ সৃষ্টি হয় অসম চিকিৎসা মহাবিদ্যালয়ত । চৰাইদেউ জিলাৰ কচুপথাৰৰ লোক জন কেইবাটাও ৰোগত আক্ৰান্ত হৈ মেডিচিন বিভাগত চিকিৎসাধীন অৱস্থাত বুধবাৰে সন্ধিয়া মৃত্যু হৈছিল ।ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ উক্ত ৱাৰ্ডটো কোৱাৰাইনণ্টেন জ'ন ৰূপে ঘোষণা কৰিছে । বৰ্তমানলৈকে সমগ্ৰ ৰাজ্যত কোভিড-19ত মৃত্যু হৈছে 27 গৰাকীৰ ৷

লগতে পঢ়ক : বৃহস্পতিবাৰে ধুবুৰীত নতুনকৈ চিনাক্ত ১৯গৰাকী ক'ভিড পজিটিভ

ABOUT THE AUTHOR

...view details