অসম

assam

ETV Bharat / state

অসমত আৰু এখন নতুন ক্ৰিকেট ষ্টেডিয়াম

Cricket Stadium in Assam: অসম ক্ৰিকেট সন্থাৰ উদ্যোগত নাহৰকটীয়াৰ নগাঁও তিনিআলিত নিৰ্মাণ হ’ব অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম ৷

a new Cricket stadium to be set up at Naharkatia assam
ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 7:15 PM IST

ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন

ডিব্ৰুগড়, 21 ডিচেম্বৰ :ক্ৰিকেট খেলাৰ লগতে ক্ৰিকেট চাই ভালপোৱা সকলৰ বাবে সুখবৰ ৷ স্থাপন হ’বলৈ গৈ আছে এখন অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম ৷ অসম ক্ৰিকেট সন্থা এইবাৰ নতুন ৰূপত আগবাঢ়িছে । মুখ্যমন্ত্ৰীৰ খুবেই ঘনিষ্ঠ বিধায়ক তৰংগ গগৈ অসম ক্ৰিকেট সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা পাচতেই অসম ক্ৰিকেট সন্থাই ৰাজ্যখনত ক্ৰিকেটৰ এটা নতুন পৰিৱেশ সৃষ্টিৰ বাবে চেষ্টা কৰা পৰিলক্ষিত হৈছে । ২ কোটি টকা ব্যয়ৰে ২৫ বিঘা ভূমি সামৰি নিৰ্মাণ হ’ব অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম ৷ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰিলে অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে ৷

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত নাহৰকটীয়াৰ নগাঁও তিনিআলিত নিৰ্মাণ হ’ব অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম । বৃহস্পতিবাৰে এই অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হয় । অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদিৱ কোঁৱৰৰ উপস্থিতিত অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে এই ক্ৰিকেট ষ্টেডিয়াম তথা খেলপথাৰৰ আধাৰশিলা স্থাপন কৰে ।

প্ৰায় ২ কোটি টকা ব্যয়ৰে ২৫ বিঘা ভূমি সামৰি নিৰ্মাণ হ’বলগীয়া এই ক্ৰিকেট গ্ৰাউণ্ডখনৰ লগতে ষ্টেডিয়ামটো আগন্তুক এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিয়ে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে । তদুপৰি আগন্তুক ২০২৪ বৰ্ষৰ ডিচেম্বৰত অসম প্ৰিমিয়াৰ ক্ৰিকেট লীগৰ প্ৰতিযোগিতাখনি এইখন গ্ৰাউণ্ডতে অনুষ্ঠিত কৰাৰ আশা প্ৰকাশ কৰে এচিএৰ সভাপতি তৰংগ গগৈয়ে । এই আধাৰশিলা স্থাপন অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছা, যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক :শিৱসাগৰত দুদিনীয়াকৈ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details