অসম

assam

ETV Bharat / state

মৰাণত স্বচ্ছতা সন্দৰ্ভত সজাগতামূলক ৰেলী - মৰাণত

ডিব্ৰুগড়ৰ মৰাণত স্বচ্ছতা সম্পৰ্কে ৰাইজক সচেতন কৰাৰ প্ৰয়াস মৰাণৰ স্বেচ্ছাসেৱী সংস্থা 'ৰণুৱা'ৰ। মৰাণ নগৰ প্ৰশাসনৰ সহযোগত সজাগতামূলক সমদল। "য'ত পৰিষ্কাৰ, তাতেই সংস্কাৰ" শীৰ্ষক শ্ল'গানেৰে ৰাইজ আৰু ব্যৱসায়ীসকলক সজাগ কৰাৰ চেষ্টা স্বেচ্ছাসেৱী সংস্থাটোৰ।

মৰাণত স্বচ্ছতা সন্দৰ্ভত সজাগতামূলক ৰেলী
মৰাণত স্বচ্ছতা সন্দৰ্ভত সজাগতামূলক ৰেলী

By

Published : Oct 28, 2020, 12:19 PM IST

মৰাণ, ২৮ অক্টোবৰ: পৰিষ্কাৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যেৰে মৰাণত স্বেচ্ছাসেৱী সংস্থা 'ৰণুৱা'ৰ উদ্যোগত সজাগতামূলক সমদল উলিওৱা হয়। মঙলবাৰে সন্ধিয়া মৰাণ নগৰ প্ৰশাসনৰ সহযোগত "য'ত পৰিষ্কাৰ, তাতেই সংস্কাৰ" শীৰ্ষক শ্ল'গানেৰে ৰাইজক সজাগ কৰাৰ চেষ্টা চলায় সংস্থাটোৱে। এই সমদলত মৰাণৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়েও অংশগ্ৰহণ কৰে।

মৰাণত স্বচ্ছতা সন্দৰ্ভত সজাগতামূলক ৰেলী

বিষয়াগৰাকীয়ে ৰাইজৰ লগতে সকলো ব্যৱসায়ী স্বচ্ছতা অক্ষুণ্ণ ৰখাৰ বাবে সজাগ হ'বলৈ আহ্বান জনায়। লগতে আমাক এখন মুক্ত আকাশ লাগে বুলি উল্লেখ কৰি নিয়ম ভংগকাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থাও লোৱা হ'ব বুলি সদৰি কৰে।

লগতে পঢ়ক:বিলাসী বাহনতহে ঘূৰে ছাগলী চোৰ!

ABOUT THE AUTHOR

...view details