মৰাণ, ১৯ অক্টোবৰ: দীৰ্ঘদিন ধৰি ডিব্ৰুগড় জিলাৰ মৰাণৰ বলাইত উপদ্ৰৱ চলাই থকা বনৰীয়া ম'হ জাকে দেওবাৰে এজন যুৱকক আক্ৰমণ কৰে। বনৰীয়া ম'হৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় বলাইৰ ঘন বড়া নামৰ ২২বছৰীয়া যুৱকজন। পথাৰলৈ যাওঁতেই বনৰীয়া ম'হৰ জাকটোৱে যুৱকজনক আক্ৰমণ কৰে। পিছত আঘাতপ্ৰাপ্ত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। বৰ্তমান যুৱকজন চিকিৎসাধীন অৱস্থাতে আছে বুলি জানিব পৰা গৈছে।
মৰাণৰ বলাইত বনৰীয়া ম'হৰ আক্ৰমণত এজন আহত
ডিব্ৰুগড়ৰ মৰাণত বনৰীয়া ম'হৰ সন্ত্ৰাস৷ বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া ম'হৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বলাই অঞ্চলত৷
মৰাণৰ বলাইত বনৰীয়া ম'হৰ আক্ৰমণত এজন আহত
উল্লেখ্য যে, বলাই অঞ্চলত হঠাৎ বনৰীয়া ম'হৰ এটা জাকে দীৰ্ঘ দিনৰ পৰা তাণ্ডৱ চলাই খেতি পথাৰ নষ্ট কৰি আহিছে। বাৰম্বাৰ অনুৰোধৰ পিছতো বন বিভাগে আজিকোপতি কোনো পদক্ষেপ লোৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় লোকে।
লগতে পঢ়ক: ২২ জনগোষ্ঠীয় সংগঠনকলৈ গঠন হ’ল অসম ভূমি পুত্ৰ মঞ্চ