মৰাণ, ২৪ নৱেম্বৰ: অসমবাসী ৰাইজক শোক সাগৰত পেলাই চিৰবিদায় মাগিলে জ্যেষ্ঠ ৰাজনীতিবিদ তৰুণ গগৈয়ে। ডিব্ৰুগড়ৰ মৰাণত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে অসম চাহ মজদুৰ সংঘই । সৰল ব্যক্তিত্বৰে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা নেতাগৰাকীৰ মৃত্যুৱে গভীৰ শোকৰ ছাঁ পেলাইছে মৰাণত ।
অসম চাহ মজদুৰ সংঘ কাৰ্যালয়ত আয়োজন কৰা শোকসভাত শাখা সংঘৰ সভাপতি মনোজ তাঁতীৰ উপস্থিতিত অন্যান্য বিষয়ববীয়া, সম্পাদক লক্ষেশ্বৰ তাঁতী আৰু কৰ্মী বৃন্দই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় ।