জৰাজীৰ্ণ খোৱাং-মৰাণ ৰাজপথঃ দুৰ্ভোগ ভুগিছে পথচাৰীয়ে - NH-37 road condition
মুষলধাৰ বৰষুণৰ ফলত কৃটিম বানৰ সৃষ্টি হৈছে মৰাণ আৰু খোৱাঙৰ ৰাজপথত । যান বাহনৰ লগতে দুৰ্ভোগ ভুগিব লগা হৈছে পথচাৰীয়ে ।
মৰাণ, 3 আগষ্টঃ উজনি অসমত যোৱা কিছুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে মৰাণ-খোৱাঙৰ জৰাজীৰ্ণ ৰাজপথৰ ওপৰত ৷ মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এ এচ টিচি বাছ আস্থানৰ পৰা মৰাণ থানাৰ সমুখলৈকে সম্পূৰ্ণ পথছোৱা এতিয়া পানীৰ তলত । আনহাতে পথটোত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতবিলাকে ব্যাপক সমস্যা সৃষ্টি কৰিছে পথচাৰীক । পথটো মেৰামতি নকৰাৰ ফলত এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বানৰ । পথটো শীঘ্ৰেই মেৰামতিৰ ব্যৱস্থা নকৰিলে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিছে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই ৷