অসম

assam

By

Published : Nov 7, 2020, 8:09 PM IST

ETV Bharat / state

মৰাণৰ খোৱাঙত আছুৰ বিক্ষোভ প্ৰদৰ্শন

অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰদৰ্শন। মৰাণত কাঁহী-বাতি বজাই আগত আলু, পিয়াঁজ, মিঠাতেল লৈ প্ৰতিবাদ সাব্যস্ত কৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই।

মৰাণৰ খোৱাঙত আছুৰ বিক্ষোভ প্ৰদৰ্শন
মৰাণৰ খোৱাঙত আছুৰ বিক্ষোভ প্ৰদৰ্শন

মৰাণ, ৭ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ মৰাণতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাই। আলু, পিয়াঁজকে ধৰি খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰা স্বত্বেও যোগান বিভাগে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাত ক্ষুদ্ধ হৈ পৰিছে সংগঠনটোৰ নেতা-কৰ্মী।

মৰাণৰ খোৱাঙত আছুৰ বিক্ষোভ প্ৰদৰ্শন

শনিবাৰে মৰাণৰ খোৱাঙত বিক্ষোভ প্ৰদৰ্শন কৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই। সন্মুখত আলু, পিয়াঁজ, মিঠাতেল লৈ কাঁহী-বাতি বজাই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে। ফণীভূষণ চৌধুৰী মুৰ্দাবাদ, যোগান বিভাগ কাম নাই, বিজেপি চৰকাৰ গ'বেক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

মৰাণৰ খোৱাঙত আছুৰ বিক্ষোভ প্ৰদৰ্শন

আছুৰ কৰ্মকৰ্তাসকলে হাতে হাতে প্লে'কাৰ্ড লৈ কৰা চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে। শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাই মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সমগ্ৰ ৰাজ্যতে বিক্ষোভ প্ৰদৰ্শন কৰে।

লগতে পঢ়ক:21ত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ আনিব লাগিব : ভূৱন পেগু

ABOUT THE AUTHOR

...view details