অসম

assam

ETV Bharat / state

Etv Bharatৰ বাতৰিৰ প্ৰভাৱঃখোৱাঙৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত চক্ৰধৰ গগৈ - খোৱাঙত

Etv Bharatত বাতৰি প্ৰচাৰৰ পিছতে ডিব্ৰুগড়ৰ খোৱাঙত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত উপস্থিত হ'লগৈ বিধায়ক চক্ৰধৰ গগৈ। দুৰ্ভগীয়া পৰিয়াল দুটালৈ আৰ্থিক সাহায্য আগবঢ়ালে দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহনে।

Etv Bharatৰ বাতৰিৰ প্ৰভাৱ:খোৱাঙৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত চক্ৰধৰ গগৈ
Etv Bharatৰ বাতৰিৰ প্ৰভাৱ:খোৱাঙৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত চক্ৰধৰ গগৈ

By

Published : Oct 20, 2020, 4:54 PM IST

ডিব্ৰুগড়, ২০ অক্টোবৰ: ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বাঘতলী পথাৰত দেওবাৰে সন্ধিয়া সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ২ টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । সমগ্ৰ ঘটনা সম্বন্ধে Etv Bharat ত বাতৰি প্ৰচাৰ কৰা হৈছিল ।

Etv Bharatৰ বাতৰিৰ প্ৰভাৱ:খোৱাঙৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত চক্ৰধৰ গগৈ

বাতৰি প্ৰচাৰৰ পিছতে মঙলবাৰে দুৰ্ভগীয়া পৰিয়াল দুটিৰ কাষত উপস্থিত হয় আৰু পাৰ্যমানে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । আনহাতে, দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহনে পৰিয়াল দুটাক নিজৰ ঘৰলৈ মতাই নি আৰ্থিক সাহায্য প্ৰদান কৰে ।

খাদ্য সামগ্ৰী যোগান ধৰিলে অনুসূচিত জাতি মৰ্চাৰ অধ্যক্ষ অসীম হাজৰিকাই

লগতে ডিব্ৰুগড় জিলা অনুসূচিত জাতি মৰ্চাৰ অধ্যক্ষ অসীম হাজৰিকাই পৰিয়াল দুটাক খাদ্য সামগ্ৰী যোগান ধৰে। উল্লেখ্য যে, দেওবাৰে সন্ধিয়া বিতু বাইলুঙৰ ঘৰত প্ৰথমে জুইৰ সূত্ৰপাত হয় ।

জুই লেলিহান শিখাই সমগ্ৰ ঘৰখন আগুৰি ধৰাৰ পিছত কাষতে থকা টুটু বাইলুঙৰ বাসগৃহলৈও জুই বিয়পে । ফলত বিতু বাইলুঙৰ ঘৰখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে টুটু বাইলুঙৰ ঘৰৰ আচবাবো জ্বলি ছাঁই হয় । জুই নিৰ্বাপন কৰিবলৈ গাঁ‌ৱৰ ৰাইজে আপ্ৰাণ চেষ্টা কৰে যদিও বিফল হয় ।

Etv Bharatৰ বাতৰিৰ প্ৰভাৱ:খোৱাঙৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত চক্ৰধৰ গগৈ

অগ্নিকাণ্ডৰ ফলত দুয়োটা পৰিয়ালৰে প্ৰায় ৫ লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয় । অগ্নিকাণ্ডত সকলো জাহ যোৱাত দিক-বিদিক হেৰুৱাইছিল পৰিয়াল দুটাই । অৱশেষত মন্ত্ৰী যোগেন মোহন, বিধায়ক চক্ৰধৰ গগৈৰ সহায়ে কিছু সকাহ দিছে ।

লগতে পঢ়ক:সংখ্যালঘু ছাত্ৰ বৃত্তিৰ কেলেংকাৰীৰ CBI তদন্তৰ দাবী নেমছুৰ

ABOUT THE AUTHOR

...view details