অসম

assam

ETV Bharat / state

বিদ্যালয়ে বিদ্যালয়ে ঘূৰিছে ৰাজ্যিক মন্ত্ৰী যোগেন মহন

মৰাণ আৰু চৰাইদেউ জিলাৰ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন ৰাজ্যিক মন্ত্ৰী যোগেন মহনৰ। মহামাৰীৰ বাবে সুদীৰ্ঘ ৭ মাহ ধৰি বন্ধ হৈ থকা বিদ্যালয়ৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ ল'বলৈ বিদ্যালয় পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে।

বিদ্যালয়ে বিদ্যালয়ে ঘূৰিছে ৰাজ্যিক মন্ত্ৰী যোগেন মহন
বিদ্যালয়ে বিদ্যালয়ে ঘূৰিছে ৰাজ্যিক মন্ত্ৰী যোগেন মহন

By

Published : Nov 5, 2020, 10:45 PM IST

মৰাণ, ৫ নৱেম্বৰ: শিক্ষা বিভাগে উচ্চ মাধ্য়মিক আৰু মহাবিদ্যালয় খোলাৰ নিৰ্দেশ দিয়াৰ পিছতে প্ৰাথমিক বিদ্যালয় সমূহো খোলাৰ সম্ভাৱনা বৃদ্ধি পাইছে । কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ আৰু লকডাউনৰ বাবে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান প্ৰক্ৰিয়া বন্ধ কৰা হৈছে। প্ৰায় ৭ মাহ ধৰি বিদ্যালয়সমূহ বন্ধ হৈ থকাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক পৰিৱেশৰ লগতে বহু বিদ্যালয়ৰ আন্তঃগাঁথনি, সাৰ-সৰঞ্জাম নষ্ট হৈ গৈছে।

বিদ্যালয়ে বিদ্যালয়ে ঘূৰিছে ৰাজ্যিক মন্ত্ৰী যোগেন মহন

সেয়ে, বৃহস্পতিবাৰে মৰাণ আৰু চৰাইদেউ জিলাৰ বহু কেইখন প্ৰাথমিক বিদ্য়ালয় পৰিদৰ্শন কৰে ৰাজ্যিক মন্ত্ৰী যোগেন মহনে। বিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰাথমিক বিদ্যালয়সমূহ বন্ধ হৈ থকাত বিদ্যালয়ৰ আন্তঃগাঁথনি বহুত বেয়া হৈ পৰিছে।

বিদ্যালয়ে বিদ্যালয়ে ঘূৰিছে ৰাজ্যিক মন্ত্ৰী যোগেন মহন

যিহেতু কৰ'ণা আতংক কম হোৱাত জানুৱাৰী মাহৰ পৰা প্ৰাথমিক বিদ্যালয়সমূহ খোলাৰ সম্ভাৱনা আছে, গতিকে বিদ্যালয় খোলাৰ আগতেই বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ লগতে বিদ্যালয় আচবাব সমূহ পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হ'ব। আনহাতে, বিদ্যালয় পৰিদৰ্শনৰ কৰাৰ পিছত শীঘ্ৰেই তেওঁ বিভাগীয় বিষয়াসকলৰ লগত বিদ্যালয়ৰ পৰিস্থিতি সম্পৰ্কে আলোচনাত মিলিত হ'ব বুলিও মন্তব্য কৰে।

লগতে পঢ়ক:ডিব্ৰুগড়ৰ বজাৰত যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অভিযান

ABOUT THE AUTHOR

...view details