মৰাণ, ৩ নৱেম্বৰ: নিৰ্বাচনৰ পূৰ্বে বি জে পিয়ে ৰাইজক দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ নহ'ল। পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বি জে পিয়ে শাসনৰ গাদী দখল কৰাৰ পিছতো নকমিল ৰাজপথৰ আন্দোলন। ৰাজ্যৰ আন ঠাইৰ কথা বাদেই, খোদ ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰীৰ গৃহ সমষ্টি মৰাণত পথৰ বিধ্বস্ত অৱস্থা। বাৰম্বাৰ ৰাইজে আহ্বান জনোৱাৰ পিছতো আজি পৰ্যন্ত জৰাজীৰ্ণ পথসমূহ মেৰামতি কৰাত গুৰুত্ব নিদিলে স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষই।
ফলত যাতায়াতৰ নামত যমৰ যাতনা ভূগিবলগীয়া হয় ৰাইজে। উপায়হীন হৈ মঙলবাৰে পথসমূহ মেৰামতি অথবা পুনৰ নিৰ্মাণৰ দাবী জনাই মৰাণত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই। সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত চৰাইদেউ জিলাৰ বিধ্বস্ত বাট-পথসমূহ নিৰ্মাণ নকৰাৰ অভিযোগ তুলি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।