ডিব্ৰুগড়, 21 জুলাই :অৱশেষত ঘৰ পালেহি সোণাৰিৰ মনোজ ওজা নামৰ লোকজন ৷ অসুস্থ শৰীৰ তথা মানসিকভাৱে দুৰ্বল অৱস্থাৰে বৃহস্পতিবাৰে সোণাৰিৰ ভজো ৰে’ল ষ্টেচনত উপস্থিত হ'লহি মনোজ ওজা ৷ ঘটনা অনুসৰি, সোণাৰিৰ পাৰ্শ্বৱৰ্তী অঞ্চল কাকতিবাৰী চেলেং গাঁওৰ বাসিন্দা মনোজ ওজা বিগত জুন মাহতে কৰ্মসংস্থাপনৰ বাবে গৈছিল বহিঃ ৰাজ্য ৰাজস্থানলৈ (Moran Missing news) ।
কিন্তু এমাহ কাম কৰাৰ পাছতে কৰ্তৃপক্ষৰ শোষণৰ পৰা পৰিত্ৰাণ পাবলৈ পলায়ন কৰিছিল কোম্পানীটোৰ পৰা মনোজে (Missing person came back home) ৷ পিছে কোম্পানীৰ পৰা পলায়ন কৰা বুলি জানিব পাৰি কোম্পানীৰ গুণ্ডা বাহিনীয়ে জয়পুৰ ৰেল ষ্টেচনত বিচাৰি উলিয়াই মনোজক মাৰধৰ কৰাত অচেতন হৈ পৰে বুলি জানিবলৈ দিয়ে মনোজে ৷ তাৰ কেইদিনমান পাছতে দেহত আঘাত তথা চিলাইৰ চিন লৈ লালগড় ৰেল ষ্টেচনত নিজকে উদ্ধাৰ কৰে মনোজে ৷