মৰাণ,১৪ আগষ্ট: দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ হ'ল (75th Years of Independence) । ৭৫ বছৰীয়া স্বাধীনতা দিৱস উদযাপন কৰিবলৈ দেশজুৰি ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন কাৰ্যসূচীৰে ৭৬ তম স্বাধীনতাৰ দিৱস উদযাপনৰ বাবে বাবে সাজু হৈছে । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ জকাইৰ ৰাজপথত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য ।
আঠু মুৰত চুৰীয়া, হাতত গীতা লৈ জকাইৰ ৰাজপথত ঘূৰি ফুৰিছে মহাত্মা গান্ধী । মাহাত্মা গান্ধীক চাবলৈ ছাত্ৰ- ছাত্ৰীয়ে হেতা ওপৰা কৰা পৰিলক্ষিত হয় । এই দৃশ্য ডিব্ৰুগড় জিলাৰ জকাইৰ ৰাজপথত । মাহাত্ম গান্ধীৰ জীৱন,আদৰ্শ নতুন প্ৰজন্মক অনুধাৱন কৰোৱাৰ উদ্দেশ্যে জকাইৰ ভবেশ কোঁৱৰ নামৰ ব্যক্তিজনে এইদৰে মহাত্মা গান্ধীৰ দৰে নিজকে সজাই জকাইৰ ৰাজপথত ঘুৰি ফুৰাৰ লগতে জকাইৰ কেইবাখনো বিদ্যালয়লৈ গৈ ছাত্ৰ-ছাত্ৰী সকলৰ সকলৰ সৈতে মত বিনিময় কৰে (A man as Mahatma Gandhi at the school in Dibrugarh) ।