মৰাণ,২৫ নৱেম্বৰ : দুটাকৈ ইমু চৰাইয়ে শুৱনি কৰিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ এঘৰ লোকৰ চোতাল (Emo bird in Dibrugarh)। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় পক্ষী তথা বিলুপ্তপ্ৰায় ইমু চৰাই চাবলৈ ভিৰ কৰিছে বিভিন্ন জনে । ইমু চৰাই দুটাক পৰিয়ালৰ সদস্যৰ দৰে লালন পালন কৰিছে টিংখাঙৰ সমীপৰ ৰাজগড় ৰাঙলী গাঁৱৰ জয়দত কোঁৱৰে (Dibrugarh man rears emu bird)।
উল্লেখ্য যে বিশিষ্ট চাহ খেতিয়ক জয়দত কোঁৱৰ এগৰাকী প্ৰকৃতিপ্ৰেমী । হাঁহ-কুকুৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন জীৱ-জন্তু ঘৰতে পুহিছে জয়দত কোঁৱৰে । বিভিন্ন জীৱ-জন্তুৰ প্ৰতি থকা মৰমৰ বাবে তেওঁ শোণিতপুৰৰ পৰা ৭৫,০০০ টকা খৰছ কৰি আনিছিল তিনিটাকৈ ইমু চৰাই । ১০ বছৰ ধৰি ইমু চৰাই কেইটা তেওঁ অতি মৰমেৰে ৰাখিছে ।
অৱশ্যে তাৰ এটাৰ ইতিমধ্যে মৃত্যু হৈছে যদিও বাকী দুটাই এতিয়া তেওঁৰ ঘৰ শুৱনি কৰি ৰাখিছে । ইমু দুটা এতিয়া অঞ্চলবাসীৰ নয়নৰ মণি হৈ পৰিছে । প্ৰতিদিনে ইমু কেইটা চাবলৈ বিভিন্ন লোকে তেওঁৰ ঘৰত ভিৰ কৰে । আনকি বিদেশী পৰ্যটকসকলো তেওঁৰ ঘৰলৈ ইমু চৰাই কেইটা চাবলৈ আহে ।