মৰাণ,4 মে’: বিগত 1 মে’ত ঘৰৰ ভিতৰত কোনো নথকাৰ সুযোগতে দুৰ্বৃত্তই হত্যা কৰে মৰাণৰ ব্যৱসায়ী জীৱন দত্তৰ পত্নী প্ৰমীলা দত্তক । এই হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত সোমবাৰে মৰাণৰ পিয়লি নগৰৰ জাকিৰ আলীৰ পুত্ৰ বাবুল আলী নামৰ (30) এজন যুৱকক মৰাণ আৰক্ষীয়ে আটক কৰে ৷ ভাৰতীয় দণ্ডবিধিৰ অধীনত 88/21 ধাৰা অনুসৰি 396 নং গোচৰত মঙলবাৰে মৰাণ আৰক্ষীয়ে আটক বাবুল আলীক জেললৈ প্ৰেৰণ কৰে ৷
মৰাণত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত - মৰাণ আৰক্ষী
বিগত 1 মে’ত ঘৰৰ ভিতৰত কোনো নথকাৰ সুযোগতে দুৰ্বৃত্তই হত্যা কৰে মৰাণৰ ব্যৱসায়ী জীৱন দত্তৰ পত্নী প্ৰমীলা দত্তক । ঘৰত অকলে থকাৰ সুযোগ লৈ দুৰ্বৃত্তই হত্যা কৰে মহিলাগৰাকীক ৷ হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত বাবুল আলী নামৰ(30) যুৱকক মৰাণ আৰক্ষীয়ে আটক কৰে ৷
মৰাণত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড
উল্লেখ্য যে,ঘটনাৰ অভিযুক্ত বাবুল আলী নামৰ যুৱকজন মৰাণৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চেলছমেন হিচাপে কৰ্মৰত আছিল ৷ আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, ঘটনাৰ দিনা যুৱকজন উক্ত প্ৰতিষ্ঠানত উপস্থিত নাছিল । তিনিটাকৈ সন্তানৰ মাতৃ মৃত প্ৰমিলা দত্তৰ ডিঙিত আঘাতৰ চিন স্পষ্টকৈ দেখা পোৱা গৈছিল ৷
লগতে পঢ়ক : জামুগুৰিহাটত নৃশংস হত্যাকাণ্ড