মৰাণ, 3 নৱেম্বৰ :দুলীয়াজানত বুধবাৰে পুৱাতে এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ হয় ৷ দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত বকুলনি চাৰিআলিৰ সমীপৰ প্ৰকাশ চাহ বাগিচাত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ কৰা হয় ৷ বাগিচাখনত দীৰ্ঘদিনৰ পৰা কেইবাটাও নাহৰফুটুকীয়ে মুক্ত বিচৰণ কৰি আহিছিল বুলি জানিবলৈ পোৱা গৈছে ৷ অঞ্চলটোত গৰু আৰু ছাগলী ভক্ষণ কৰি এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে ইতিমধ্যে কেইবাগৰাকীও লোকক নাহৰফুটুকীয়ে আক্ৰমণ কৰি আহত কৰাৰ বাতৰিও পোৱা গৈছে ৷
কেইদিনমান আগতে বনবিভাগে স্থানীয় আৰক্ষীৰ সহযোগত স্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো ৷ প্ৰকাশ চাহ বাগিচাৰ শ্ৰমিকে ৰাতিপুৱা বাঘটো প্ৰত্যক্ষ কৰি ডিগবৈস্থিত বনবিভাগক খবৰ দিয়ে ৷ উক্ত খবৰৰ ভিত্তিত বনবিভাগৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হয় ।