অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত এসপ্তাহৰ ভিতৰতে দ্বিতীয়টো নাহৰফুটুকী পিঞ্জৰাবদ্ধ - Jalan tea garden, tiger terror

ডিব্ৰুগড়ত পুনৰ পিঞ্জৰাত আৱদ্ধ হ'ল বনৰজা । এটা সপ্তাহতে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপত পিঞ্জৰাবদ্ধ হ'ল দ্বিতীয়টো নাহৰফুটুকী ।

A leopard caged in Dibrugarh
ডিব্ৰুগড়ৰ AMCHৰ সমীপত পুনৰ নাহৰফুটুকী পিঞ্জৰাবদ্ধ

By

Published : Sep 2, 2021, 1:36 PM IST

ডিব্ৰুগড়, ২ ছেপ্তেম্বৰ: ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপত দীৰ্ঘদিন ধৰি আতংকৰ সৃষ্টি কৰি অৱশেষত পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰফুটুকী । এটা সপ্তাহৰ ভিতৰতে দ্বিতীয়টো নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছে অঞ্চলটোত । বৃহস্পতিবাৰে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপৰ জালান নগৰ চাহ বাগিচাত স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো । অঞ্চলটোত পাঁচটাকৈ নাহৰফুটুকীয়ে ত্ৰাসৰ সৃষ্টি কৰি আছিল ।

ডিব্ৰুগড়ৰ AMCHৰ সমীপত পুনৰ নাহৰফুটুকী পিঞ্জৰাবদ্ধ

ইয়াৰে দুটা বাঘ ইতিমধ্যে পিঞ্জৰাবদ্ধ হৈছে । চলিত সপ্তাহতে আন এটা নাহৰফুটুকী জালান চাহ বাগিচাত পিঞ্জৰাবদ্ধ হৈছিল । পিছত বাঘটোক জকাই বন বিষয়াৰ কাৰ্যালয়লৈ নিয়া হয় আৰু তাতে বাঘটোৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয় । আনহাতে, বাঘে আক্ৰমণ কৰাৰ শংকাত জালান নগৰ চাহ বাগিচাত শ্ৰমিকে কাম কৰাৰ ক্ষেত্ৰতো অসুবিধা আহি পৰিছে । ইতিমধ্যে গৰু, ছাগলী, কুকুৰ, হাঁহ-কুকুৰা ভক্ষণ কৰি অঞ্চলটোত আতংকৰ সৃষ্টি কৰা এটা নাহৰফুটুকী পুনৰ পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং হালধিবাৰীত বুধবাৰে পুৱা পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী । খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত খোৱাং হালধিবাৰী, কটকীপুখুৰী, শিলপুতা, দীঘলীয়াহোলা আদি অঞ্চলত বিগত সময়চোৱাত একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷

লগতে পঢ়ক:ভদীয়া বানৰ কৱলত ৰূপহীমুখৰ দুশটা পৰিয়াল

ABOUT THE AUTHOR

...view details