অসম

assam

By

Published : Jul 15, 2021, 10:37 PM IST

ETV Bharat / state

পৰিকল্পিত দুৰ্ঘটনাত পতিত হৈছিল নেকি সাংবাদিক গোবিন দাস !

অসম ৰাজ্যিক সাংবাদিক সন্থা চৰাইদেউ জিলা সমিতিৰ সহঃসম্পাদক যুৱ সাংবাদিক গোবিন দাসৰ পথ দুঘটনাত মৃত্যু ৷ সাংবাদিক জনৰ মৃত্যুক ৰহস্যৰ সম্ভেদ পাইছে পৰিয়াল তথা স্থানীয় ৰাইজে ৷ যাৰ ফলত যুৱ সাংবাদিক গৰাকীৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি চৰাইপুং আৰক্ষী চকীত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ ৷

A Journalist of Dibrugarh died on accident
যুৱ সাংবাদিকৰ মৃত্যুত ৰহস্যৰ সম্ভেদ পৰিয়ালৰ

মৰাণ,15 জুলাই:বুধবাৰে নিশা চৰাইদেউ জিলাৰ নগাহাট চাহ ফেক্টৰীৰ সমীপতে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী যুৱ সাংবাদিক ৷ নিহত সাংবাদিক গৰাকীৰ নাম গোবিন দাস বুলি জানিব পৰা গৈছে ৷

নিহত যুৱ সাংবাদিক গোবিন দাসৰ ঘৰ চৰাইদেউ জিলাৰ বৰহাট অঞ্চলৰ চুতীয়াকাৰী গাঁৱত বুলি জানিব পৰা গৈছে ৷ বুধবাৰে নিশা প্ৰায় 10 বজাত মটৰ চাইকেলেৰে নিজ ঘৰৰ অভিমুখে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ৷ জানিব পৰা মতে, নিশা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি তেওঁক সাপেখাতী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় গোবিন দাসক ।

যুৱ সাংবাদিকৰ মৃত্যুত ৰহস্যৰ সম্ভেদ পৰিয়ালৰ

কিন্তু ডিব্ৰুগড়লৈ নি থকা অৱস্থাত মাজ বাটতে অকাল মৃত্যুক আঁকোৱালি লয় যুৱ সাংবাদিকজনে ।

বিগত সময়ত গোবিন দাসে কেইবাটাও সংবাদ মাধ্যমৰ লগত স্থানীয় সংবাদকৰ্মী হিচাপে কৰ্মৰত হৈ আছিল ৷ এগৰাকী নিষ্ঠাৱান কৰ্মী আছিল যুৱ সংবাদিক গোবিন দাস ৷ অন্যায় আৰু দুৰ্নীতিৰ বিৰোদ্ধে সংবাদ মাধ্যমৰ যোগেদি ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই আছিল বুলি সতীৰ্থই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, তেওঁৰ মৃত্যুত এতিয়া পৰিয়াল আৰু স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । তেওঁৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত বিচাৰি পিতৃ জগন্নাথ দাসে ইতিমধ্যে চৰাইপুং আৰক্ষী চকীত এখন এজাহাৰো দাখিল কৰিছে । বৰ্তমান যুৱ সংবাদকৰ্মীজনৰ আকস্মিক মৃত্যুত এতিয়া সমগ্ৰ বৰহাট অঞ্চলত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:বঙাইগাঁৱত আৰক্ষীৰ জালত ২ তেল চোৰ

ABOUT THE AUTHOR

...view details