মৰাণ, 15 ছেপ্টেম্বৰ : এটা ইতিহাস প্ৰসিদ্ধ বাসগৃহ । ডেৰশ বছৰীয়া এই ইতিহাস প্ৰসিদ্ধ ঘৰটোক লৈ চৰ্চা ডিব্ৰুগড়ত । বিখ্যাত চাহ খেতিয়ক তথা উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত অন্যতম মণিৰাম দত্ত দেৱান বৰভাণ্ডাৰ বৰুৱা ওৰফে মণিৰাম দেৱানৰ পুত্ৰ যদুৰাম বৰুৱাই নিৰ্মাণ কৰিছিল ঘৰটো ৷
স্মৃতি বিজড়িত ঘৰটো ১৮৭০ চনতে নিৰ্মাণ কৰিছিল যদুৰাম বৰুৱাই ডিব্ৰুগড় চহৰৰ আমোলাপট্টিস্থিত বেনুধৰ ৰাজখোৱা পথত আছে ঘৰটো । অসমৰ চাহ খেতিৰ উদ্ভাৱক হিচাপে পৰিচিত বিখ্যাত মণিৰাম দেৱানক ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ অপৰাধত ঔপনিবেশিক ব্ৰিটিছ চৰকাৰে ১৯৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচি দিয়াৰ পিছতে মাত্ৰ ১৭ বছৰ বয়সতে পুত্ৰ যদুৰাম বৰুৱাই নিৰ্মাণ কৰিছিল এই ঘৰটো ।
লগতে পঢ়ক:কাৰ পেটলৈ গ’ল সাৰ কাৰখানাৰ ১২ হাজাৰ কোটি টকা : প্ৰশ্ন প্ৰণতি ফুকনৰ
পিতৃক ব্ৰিটিছে ফাঁচি দিয়াৰ পিছতে পুত্ৰ যদুৰামক ডিব্ৰুগড়ৰ কৰ্ট ব্লিডিং নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল । ব্ৰিটিছে দান দিয়া এই ভূমিতে নিজৰ উপাৰ্জিত ধনেৰে যদুৰামে নিৰ্মাণ কৰিছিল ঘৰটো । স্মৃতি বিজড়িত এই ঘৰটো ১৮৭০ চনতে নিৰ্মাণ কৰিছিল যদুৰামে ।
বৰ্তমান যদুৰামৰ উত্তৰসূৰী হিচাপে ঘৰটোত আছে তেওঁৰে পো-নাতি তথা ডিব্ৰুগড় পৌৰসভাৰ প্ৰাক্তন উপ-পৌৰপতি দীপম বৰুৱাৰ পৰিয়াল । ঘৰটো ভাঙি পুনৰ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিছিল যদিও যদুৰাম বৰুৱাৰ স্মৃতি সংৰক্ষণৰ উদ্দেশ্যৰে ঘৰটোৰ সংৰক্ষণৰ চিন্তা চৰ্চা কৰিছে পৰিয়ালৰ লোকে ।
শেহতীয়াকৈ চৰকাৰে এশ বছৰীয়া বাসগৃহ সংৰক্ষণৰ বাবে লোৱা পদক্ষেপক দীপম বৰুৱাই আদৰণি জনোৱাৰ লগতে চৰকাৰে বিচাৰিলে ঘৰটো সংৰক্ষণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব চৰকাৰক । উল্লেখ্য যে, মণিৰাম দেৱানে চাৰিজনী ছোৱালী বিয়া কৰাইছিল । ইয়াৰে চতুৰ্থগৰাকীৰ একমাত্ৰ সন্তান আছিল যদুৰাম বৰুৱা ।
লগতে পঢ়ক:75 টকাত পেট্ৰ’ল আৰু 68 টকাত ডিজেল কেনেকৈ সম্ভৱ ভাৰতত ?