অসম

assam

ETV Bharat / state

ৰোগীয়া পুত্ৰৰ মুখ চাই দিন পাৰ কৰিছে খোৱাঙৰ এটি পৰিয়ালে - খোৱাঙৰ এটি অসহায় পৰিয়াল

দৰিদ্ৰতাৰ বাবেই ঘৰতে ৰোগীয়া পুত্ৰৰ মুখ চাই দিন পাৰ কৰিবলগীয়া হৈছে ডিব্ৰুগড় জিলাৰ খোৱাং সৰগফলা গোঁহাই গাঁৱৰ এটাৰ দুৰ্ভগীয়া পৰিয়ালে ৷ গাড়ী চালক হিচাপে কাম কৰি পৰিয়াল চলোৱা ঋতু বুঢ়াগোহাঁই আৰু পৰি ভূঞা বুঢ়াগোহাঁইৰ 4 বছৰীয়া পুত্ৰ এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৷ শিশুটিৰ বয়স 4 বছৰ 7 মাহ ৷

ৰোগীয়া পুত্ৰৰ মুখ চাই দিন পাৰ কৰিছে খোৱাঙৰ এটি পৰিয়ালে
ৰোগীয়া পুত্ৰৰ মুখ চাই দিন পাৰ কৰিছে খোৱাঙৰ এটি পৰিয়ালে

By

Published : May 26, 2021, 11:02 PM IST

মৰাণ, 26 মে' :দৰিদ্ৰতাৰ বাবে ঘৰতে ৰোগীয়া পুত্ৰৰ মুখ চাই দিন পাৰ কৰিছে ডিব্ৰুগড় জিলাৰ খোৱাং সৰগফলা গোঁহাই গাঁৱৰ এটাৰ দুৰ্ভগীয়া পৰিয়ালে ৷ গাড়ী চালক হিচাপে কাম কৰি পৰিয়াল চলোৱা ঋতু বুঢ়াগোহাঁই আৰু পৰি ভূঞা বুঢ়াগোহাঁইৰ একমাত্ৰ পুত্ৰ এক দুৰাৰোগ্য ভুগি আছে ৷ শিশুটিৰ বয়স মাত্ৰ 4 বছৰ 7 মাহ ৷

ৰোগীয়া পুত্ৰৰ মুখ চাই দিন পাৰ কৰিছে খোৱাঙৰ এটি পৰিয়ালে

শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে চিকিৎসকৰ কাষ চাপিছে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নি শিশুটিক চিকিৎসাৰ বাবে পৰামৰ্শ দিছে ৷ কিন্তু আৰ্থিক দুৰ্বলতাৰ বাবে ঘৰতে ৰোগীয়া পুত্ৰৰ মুখ চাই দিন পাৰ কৰিবলগীয়া হৈছে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ অন্য সদস্য সকলে । সহায়ৰ বাবে পৰিয়ালটোৱে কেইবাবাৰো মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ কাষ চাপিছে যদিও বিধায়কজনে বৰ্তমানলৈকে কোনো ধৰণৰ সহায়ৰ হাত আগবঢ়োৱা নাই ৷

সেয়েহে, দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ আহ্বান জনাইছে । বিগত চৰকাৰৰ দিনত মুখ্যমন্ত্ৰীজনে স্বাস্থ্যমন্ত্ৰী হৈ থাকোতে বহু দৰিদ্ৰ পৰিয়ালৰ ৰোগীক সহায় কৰাৰ নজিৰ থকাৰ পৰিপ্ৰেক্ষিততে খোৱাং সৰগফলাৰ এই দৰিদ্ৰ পৰিয়ালটোৱে নতুন মুখ্যমন্ত্ৰী গৰাকী তেওঁলোকৰ পুত্ৰৰ চিকিৎসাৰ বাবে আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: 24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ

ABOUT THE AUTHOR

...view details