অসম

assam

ETV Bharat / state

সাৱধান : বিনা কাৰণত নিশা নাহিব চাচনীলৈ - নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ

হঠাৎ হাতে হাতে লাঠি লৈ ডিব্ৰুগড় জিলাৰ চাচনীৰ এখন গাঁৱত নিশাৰ ৰাজপথত তহল দিছে এদল মহিলাই ৷ হাতত টৰ্চ লাইট লৈ গাঁৱৰ পৰিৱেশ পৰ্যবেক্ষণ কৰাৰ লগতে তন্নতন্নকৈ পৰীক্ষা কৰিছে চাৰিচকীয়া আৰু দুচকীয়া বাহন ৷ কিন্তু কিয় ৰাজপথত এই তৎপৰতা মহিলাৰ দলটোৰ ? প্ৰকৃততে কোন হয় এই সকল মহিলা ?

a-group-of-woman-comes-out-with-sticks-at-moran-etv-bharat-assam-news
হঠাৎ হাতে হাতে লাঠি লৈ ৰাজপথলৈ ওলাই আহিল এদল মহিলা

By

Published : Aug 12, 2021, 10:07 PM IST

মৰাণ,12 আগষ্ট : সমাগত স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ প্ৰাক্ ক্ষণত এতিয়া সষ্টম হৈছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন ৷ বাদ পৰি যোৱা নাই ডিব্ৰুগড় জিলাৰ চাচনীৰ আমগুৰি মহিলা গাঁওৰক্ষী বাহিনী ৷ গাঁওখনৰ এটা 20 জনীয়া মহিলাৰ দলে পুৰুষৰ সমান্তৰালকৈ পহৰা দিছে নিজৰ গাঁওখনত ৷ আনকি গাঁওখনলৈ প্ৰৱেশ কৰা প্ৰতিখন চাৰিচকীয়া আৰু দুচকীয়া বাহন নিজেই তন্ন তন্নকৈ তালাচী কৰাৰ লগতে প্ৰতিজন লোকৰ পৰিচয় লিখি গৈছে মহিলাৰ দলটোৱে ৷

হাতে হাতে লাঠি লৈ ডিব্ৰুগড়ৰ ৰাজপথত মহিলাৰ দল

উল্লেখ্য যে, আমগুৰি গাঁওখনত শেহতীয়াকৈ ড্ৰাগছ আৰু গাঞ্জাৰ দৰে নিচাজাতীয় দ্ৰব্যৰ বেহাই গা কৰি উঠিছে ৷ যাৰ বাবে নিচাযুক্ত দ্ৰব্য সেৱন আৰু সৰবৰাহ কৰা লোক সকলৰ ওপৰতো তীক্ষ্ণ দৃষ্টি ৰাখিছে মহিলা সকলে ৷ মহিলা সকলৰ এই বিশেষ পদক্ষেপৰ বাবে গাঁওখনত পূৰ্বৰ তূলনাত নিচাজাতীয় সামগ্ৰীৰ প্ৰয়োভৰ পূৰ্বৰ তুলনাত যথেষ্ট কম হোৱা বুলি জানিব পৰা গৈছে ৷ মহিলা সকলৰ হুংকাৰ,গাঁও খনত কোনো কাৰণতে সমাজবিৰোধী কামত জড়িত লোকক প্ৰশ্ৰয় দিয়া নহ'ব ৷

ইফালে, আমগুৰি মহিলা গাঁওৰক্ষী বাহিনীৰ মহিলা দলটোৱে যেনেকৈ নিজৰ গাঁও আৰু সমাজখন সুৰক্ষিত কৰিবলৈ নিশা দহোবন কাটি কৰি হ'লেও ওলাই আহিছে তেনেকৈ অন্য প্ৰান্তৰ মহিলা সকলকো ওলাই আহি নিজৰ গাঁওখন সুৰক্ষিত কৰিবলৈ আহ্বান জনাই মহিলা গাঁওৰক্ষী দলটোৱে ৷

লগতে পঢ়কঃবিশ্ব হস্তী দিৱসত হাতীৰ বাবে 400 বিঘা মাটিত ৰোপন কৰা হ’ল ধান

ABOUT THE AUTHOR

...view details