অসম

assam

ETV Bharat / state

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ পদত ছাত্ৰী - Central Committee of AASU

এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিত দায়িত্ব দিয়া হ'ল ছাত্ৰীক । শোণিতপুৰৰ পৰিস্মিতা বৰাই লাভ কৰিলে শিক্ষা সম্পাদকৰ দায়িত্ব। কবি,আবৃত্তিকাৰ পৰিস্মিতাই শোণিতপুৰৰ পৰা আছুক নেতৃত্ব দি আহিছিল । এইবাৰ আছুৰ কেন্দ্ৰীয় সমিতিত ছাত্ৰীয়ে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ পাছতে ৰাজ্যৰ ছাত্ৰী সকলৰ মাজত উল্লাস দেখিবলৈ পোৱা গৈছে ।

A girl got post in new Central Committee of AASU
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ পদত ছাত্ৰী

By

Published : Nov 22, 2020, 9:15 PM IST

মৰাণ,22নৱেম্বৰ : চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দুলীয়াজানৰ ছলাকটকী খেল পথাৰত সমাপ্ত হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ অধিবেশন ৷ বহু জল্পনা কল্পনাৰ অবৱসান ঘটাই সদৌ অসম ছাত্ৰ সন্থাক নেতৃত্ব দিবলৈ গঠন কৰা হ'ল নতুন কেন্দ্ৰীয় সমিতি । এইবাৰৰ আছু অধিবেশন পূৰ্বৰ তুলনাত বিশেষ হিচাপে পৰিগণিত হৈছে। কাৰণ আছুৰ নেতৃত্ব বহন কৰা বহু নেতাই নতুন আঞ্চলিক দল 'অসম জাতীয় পৰিষদ'ত যোগদান কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ ক্ষেত্ৰত কাম কাজ কৰা পৰিলক্ষিত হৈছে ।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ পদত ছাত্ৰী

মুঠৰ ওপৰত আছুৰ এইবাৰৰ অধিবেশন বহু ক্ষেত্ৰৰ পৰাই ব্যতিক্ৰম। এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিত দায়িত্ব দিয়া হ'ল ছাত্ৰীক। শোণিতপুৰৰ পৰিস্মিতা বৰাই লাভ কৰিলে শিক্ষা সম্পাদকৰ দায়িত্ব। কবি,আবৃত্তিকাৰ পৰিস্মিতাই শোণিতপুৰৰ পৰা আছুক নেতৃত্ব দি আহিছিল । এইবাৰ আছুৰ কেন্দ্ৰীয় সমিতিত ছাত্ৰীয়ে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰ পাছতে ৰাজ্যৰ ছাত্ৰী সকলৰ মাজত উল্লাস দেখিবলৈ পোৱা গৈছে ।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ পদত ছাত্ৰী

এতিয়া লৈকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিখন চূড়ান্ত ভাৱে ৰাজহুৱা কৰা নাই যদিও সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সমিতিৰ বিষয়ববীয়াৰ একাংশ ক্ৰমে সভাপতি দীপাংক কুমাৰ নাথ, উপ সভাপতি- বিপুল ৰাভা, প্ৰকাশ চন্দ্ৰ দাস, মানিক গগৈ, নৱজ্যোতি ৰয়, উদ্দীপ জ্যোতি গগৈ, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা , সহকাৰী সাধাৰণ সম্পাদক - ধৰ্মেশ্বৰ দাস, জয়ন্ত কুমাৰ ভট্টাচাৰ্য, জুল খাউণ্ড, প্ৰজ্ঞান ভূঞা, উৎপল শৰ্মা, শিক্ষা সম্পাদক - ভৱজিৎ বেজবৰুৱা, বিত্ত সম্পাদক- খনীন্দ্ৰ ৰাজবংশী , প্ৰচাৰ সম্পাদক- জিতুমনি ভূঞা, ক্ৰীড়া সম্পাদক-পূৰ্ণ ডেকা, বেদান্ত শইকীয়া, সাংস্কৃতিক সম্পাদক- বিনয় ডুবে, সাহিত্য সম্পাদক- পৰিস্মিতা বৰা, মুখ্য সাংগঠনিক সম্পাদক- অভিৱৰ্তন গোস্বামী, কাৰ্যালয় সম্পাদক- সমুদ্ৰ পাটগিৰি ৷

লগতে পঢ়কঃ আহোমৰ-ৰজাঘৰীয়াৰ তেজ আছে লুৰিণৰ গাত : মহেন্দ্ৰ হাজৰিকা

ABOUT THE AUTHOR

...view details