অসম

assam

ETV Bharat / state

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি কৃষিকৰ্মৰে জীৱন সংগ্ৰাম মৰাণৰ কৰ্ণজিতৰ - A differently abled person

বিশেষ ভাৱে সক্ষম(Specially abled person) কৰ্ণজিৎ বৰাই কৃষিকৰ্মৰে পৰিয়াল পোহপালৰ বাবে চলাইছে আপ্ৰাণ চেষ্টা ৷ চৰকাৰী সাহায্যই ঢুকি নোপোৱা কৰ্ণজিতে অব্যাহত ৰাখিছে নিজৰ জীৱন সংগ্ৰামখন ৷

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি কৃষিকৰ্মৰে জীৱন সংগ্ৰাম মৰাণৰ কৰ্ণজিতৰ
শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি কৃষিকৰ্মৰে জীৱন সংগ্ৰাম মৰাণৰ কৰ্ণজিতৰ

By

Published : Dec 6, 2021, 6:09 PM IST

মৰাণ, 6 ডিচেম্বৰ :মনত ইচ্ছা শক্তি থাকিলে কোনো শাৰীৰিক প্ৰতিবন্ধকতাই জীৱনৰ বাটত হেঙাৰৰ সৃষ্টি কৰিব নোৱাৰে । ইয়াৰ এক উদাহৰণ দাঙি ধৰিছে মৰাণ সমষ্টিৰ খোৱাঙৰ এগৰাকী ব্যক্তিয়ে(An ideal specially abled person of Khowang) । পেটৰ ভাতমুঠি মোকলাবলৈ এতিয়া কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী এইগৰাকী ব্যক্তি ৷ শাৰীৰিক বাধাকো নেওচি কৃষিকৰ্ম কৰি পৰিয়ালটো পোহপাল দি আহিছে ব্যক্তিগৰাকীয়ে ৷ নিজেই খেতি কৰি এতিয়া পৰিয়ালৰ বাবে দুবেলা-দুমুঠি যোগাৰ কৰে কৰ্ণজিৎ বৰাই (moran physically handicapped man agricultural work) ৷

৬ বছৰ পূৰ্বে গছৰ পৰা পৰি এখন ভৰি হেৰুৱাইছিল কৰ্ণজিৎ বৰা নামৰ এইগৰাকী ব্যক্তিয়ে ৷ পূৰ্বতে বিভিন্ন ব্যৱসায় কৰি পোৱা উপাৰ্জনেৰে ব্যক্তি গৰাকীয়ে পৰিয়ালটো পোহপাল দি আহিছিল যদিও এতিয়া শাৰীৰিকভাবে অক্ষম হৈ পৰাত বৰ্তমান পৰিয়াল চলাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে কৰ্ণজিৎ বৰাই(অকন) ।

শাৰীৰিক প্ৰতিবন্ধতাকো নেওচি কৃষিকৰ্মৰে জীৱন সংগ্ৰাম চলাইছে মৰাণৰ কৰ্ণজিতে

পৰিয়ালটো পোহপাল দিয়াৰ তাগিদাত নিজৰ শাৰিৰীক অক্ষমতাৰ দৰে প্ৰধান সমস্যাকো আওকাণ কৰি ব্যক্তিগৰাকীয়ে বুঢ়ীদিহিং মথাউৰিৰ নিচেই কাষতে থকা নিজা এদৰা মাটিত খেতি কৰিবলৈ আৰম্ভ কৰে । বৰ্তমান ৰঙালাও, কেৰেলা, ফেন্সবিন, লাই, সৰিয়হ, মাটিমাহ আদি ৰবি শস্যৰ খেতি কৰিছে ব্যক্তিগৰাকীয়ে ।

উল্লেখ্য যে, কৰ্ণজিৎ বৰাৰ সৰু পৰিয়ালটোত আছে পত্নী আৰু এগৰাকী কন্যা । কন্যা বৰ্তমান বিদ্যালয়ত অধ্যয়নৰত । বহু কষ্টৰে এখন ভৰিৰেই হাতত কেপিয়া লগাই কৰ্ণজিতে কৰিছে পাচলিৰ খেতি ৷ পাচলিৰ খেতি কৰি যি উপাৰ্জন হয় তাৰে কন্যাৰ পঢ়া খৰচৰ লগতে পৰিয়াল চলাই গৈছে ব্যক্তিগৰাকীয়ে ৷ চৰকাৰৰ কৃষি বিভাগৰ কোনো আঁ‌চনিয়ে ঢুকি নোপোৱা কৰ্ণজিৎ বৰাই এতিয়া এনেদৰেই চলাই গৈছে জীৱন সংগ্ৰাম ৷ খৰাং বতৰে আহুকালৰ সৃষ্টি কৰা কৃষিকৰ্মত পানী যোগানৰ বাবে কৰ্ণজিতৰ নাই কোনো উন্নত প্ৰযুক্তি । সেয়েহে এতিয়া চৰকাৰৰ পৰা অলপ সহায়ৰ হাত বিচাৰিছে দৰিদ্ৰ কৃষকগৰাকীয়ে ৷

লগতে পঢ়ক: Lady Farmer in Rangia: ৰঙিয়াত খেতিয়কৰ ৰূপত এগৰাকী মহিলা

ABOUT THE AUTHOR

...view details