অসম

assam

ETV Bharat / state

মৰাণত প্ৰকল্পৰ ধন হৰলুকিৰ অভিযোগ ছাত্ৰ সন্থাৰ

অভয়পুৰ গ্ৰাম্য ষ্টেডিয়াম আৰু মিৰিহোলা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী ছাত্ৰ সন্থাৰ ৷

A complain from Moran Aasu for project Money of Moran
মৰাণত প্ৰকল্পৰ ধন হৰলুকিৰ অভিযোগ ছাত্ৰ সন্থাৰ

By

Published : Oct 27, 2020, 6:22 PM IST

মৰাণ, 27 অক্টোবৰঃ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত কেইবাটাও প্ৰকল্পৰ কাম আধাৰুৱা হৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰকল্পৰ নামত আৱণ্টিত ধন হৰলুকি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু গগৈ আৰু সাধাৰণ সম্পাদক ভাস্কৰ বৰুৱাই উত্থাপন কৰা অভিযোগ মতে, মৰাণ বিধান সভাৰ অন্তৰ্গত মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া বঙালী গাঁৱত নিৰ্মিত অভয়পুৰ গ্ৰাম্য ষ্টেডিয়াম আৰু মৰাণ হাটখোলা (মিৰিহোলা) গাঁৱত নিৰ্মিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে কোটি কোটি টকা আৱণ্টন হৈছিল এক দশকৰ পূৰ্বে ৷

মৰাণত প্ৰকল্পৰ ধন হৰলুকিৰ অভিযোগ ছাত্ৰ সন্থাৰ

সেই অনুসৰি নিৰ্মাণ কাৰ্যও আৰম্ভ কৰা হ'ল ৷ প্ৰয়াত হিতেশ্বৰ শইকীয়াকে ধৰি পৰৱৰ্তী প্ৰত্যেকগৰাকী মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা ষ্টেডিয়ামৰ নিৰ্মাণ আজিও সম্পূৰ্ণ নহ'ল ৷ একেদৰে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ নিৰ্মাণ কাৰ্যও আধাৰুৱা হৈয়ে ৰ'ল ৷ প্ৰকল্প দুটাৰ নামত আৱণ্টিত কোটি কোটি টকা ৰাজকোষৰ ক'ত, কেনেকৈ ব্যয় হ'ল অথবা কিয় প্ৰকল্প দুটা আজিকোপতি সম্পূৰ্ণ কৰা নহ'ল তাক ৰাজহুৱা কৰা নহ'ল ৷ বিষয়টো তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ লগতে নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ডিব্ৰুগড় জিলা উপায়ুক্তলৈ আজি এক দাবী পত্ৰ প্ৰেৰণ কৰে ৷

মৰাণত প্ৰকল্পৰ ধন হৰলুকিৰ অভিযোগ ছাত্ৰ সন্থাৰ

লগতে পঢ়কঃমিঞা সংগ্ৰহালয় সন্দৰ্ভত কি ক'লে লুৰীণজ্যোতি গগৈয়ে ?

ABOUT THE AUTHOR

...view details