মৰাণ, 9 নৱেম্বৰ : সৌন্দৰ্য চৰ্চাৰ জগতখনত খোজ দিয়েই শিশু মডেল ইস্পিতা দত্তই যথেষ্ট চৰ্চা আৰু আদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ ডিব্ৰুগড়ৰ বাণীপুৰৰ নিবাসী ইস্পিতা দত্তই মহানগৰীত Spark ৰ দ্বাৰা আয়োজিত Spark Teens Miss North East India 2021 সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷
ৰক্তিম দত্ত আৰু ৰিম্পী দত্তৰ একমাত্ৰ কন্যা ইস্পিতাই 2018 চনৰ ডিচেম্বৰত পোন প্ৰথমবাৰৰ বাবে সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল ৷ তাৰ পিছৰে পৰা থমকি ৰোৱা নাই ইস্পিতা ৷ গুৱাহাটী, শিৱসাগৰ, তিনিচুকীয়া আদিত অনুষ্ঠিত সদৌ অসম ভিত্তিক বিভিন্ন সৌন্দৰ্য আৰু সাজপাৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বহু খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে কণমানি মডেলগৰাকীয়ে ৷