মৰাণ, 18 জুন :দুলীয়াজানৰ টিপলিং নৈত বৃহস্পতিবাৰে সংঘটিত হৈছে এক শোকাৱহ ঘটনা । নৈত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লয় এজন কিশোৰে । নিহত কিশোৰজন দুলীয়াজানৰে মধুটিং চাহবাগিচাৰ বৰলাইনৰ ৰবি ওৰাঙৰ পুত্ৰ চনো ওৰাং বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, আন তিনিগৰাকী সমনীয়াৰ সৈতে টিপলিং নৈৰত গা ধুই থকা অৱস্থাতে নৈৰ বুকুত নিখোজ হয় কিশোৰ জন । পৰৱৰ্তী সময়ত আৰক্ষী আৰু স্থানীয় ৰাইজে নৈৰ বুকুত অভিযান চলাই কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷