অসম

assam

By

Published : Feb 14, 2021, 12:58 PM IST

ETV Bharat / state

ফলে-ফুলে জাতিষ্কাৰ এটি অংগনবাদী কেন্দ্ৰ

ৰাজ্যৰ সমাজ কল্যাণ বিভাগে এইক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে । ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু কাৰ্য্যসূচীৰ ভিতৰত প্ৰধানকৈ অংগনবাদী কেন্দ্ৰত শিশুৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । এনে সময়তে ডিব্ৰুগড় জিলাৰ এটা অংগনবাদী কেন্দ্ৰ বিশেষ চৰ্চালৈ আহিছে ।

ফলে ফুলে জাতিষ্কাৰ এটি অংগণবাদী কেন্দ্ৰই বিশেষ চৰ্চা লাভ কৰিছে
ফলে ফুলে জাতিষ্কাৰ এটি অংগণবাদী কেন্দ্ৰই বিশেষ চৰ্চা লাভ কৰিছে

মৰাণ,14 ফেব্ৰুৱাৰীঃমহিলা আৰু শিশুৰ বাবে কোনো উন্নয়নমূলক কাৰ্যক্ৰম নাথাকিলে তেনে সমাজত ন্যায়, সমতা বা ব্যাপক সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন সাধন কৰাটো কেতিয়াও সম্ভৱ নহয় । ৰাজ্যৰ সমাজ কল্যাণ বিভাগে এইক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰি আহিছে । ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ ভিতৰত প্ৰধানকৈ অংগনবাদী কেন্দ্ৰত শিশুৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । এনে সময়তে ডিব্ৰুগড় জিলাৰ এটা অংগনবাদী কেন্দ্ৰ বিশেষ চৰ্চালৈ আহিছে ।

জিলাখনৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত ২নং বেজপথাৰৰ ৰংৰঙীয়া অংগনবাদী কেন্দ্ৰটিয়ে এতিয়া সকলোৰে মন আকৰ্ষিত কৰিছে । কেন্দ্ৰটোৰ কৰ্মী, সহায়িকা লক্ষীপ্রভা বৰবৰা আৰু বিনা খৰিয়া নামৰ মহিলা দুগৰাকীয়ে কেন্দ্ৰটোৰ চৌহদত ফল-ফুল ৰোপণ কৰাৰ লগতে বিভিন্ন ধৰণৰ শাক-পাচলিৰ বাৰী পাতি এক আকৰ্ষণীয় পৰিৱেশৰ সূচনা কৰিছে ।

ফলে-ফুলে জাতিষ্কাৰ এটি অংগনবাদী কেন্দ্ৰ

লক ডাউনৰ সময়তে এই দুই কৰ্মীয়ে গঢ়ি তুলিছিল বাগিচাখন । সমাজৰ স্বীকৃতি আৰু যোগাযোগ বিভাগৰ যোগেদি এই বিষয়ে জ্ঞাত হৈ ডিব্ৰুগড় জিলা সমাজ কল্যাণ বিভাগৰ মুৰব্বীসকল আহি এই কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে ভূয়সী প্ৰশংসা কৰে ৷ লগতে কৃষি বিভাগক জড়িত কৰি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে । শিশুৰ মানসিক আৰু শাৰিৰীক বিকাশৰ বাবে কেন্দ্ৰটোৰ পৰিচালিকাসকলে যি ভূমিকা গ্ৰহণ কৰিছে, তাক বিভাগীয় বিষয়াসকলৰ লগতে স্থানীয় ৰাইজে শলাগ লৈছে ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ গৃহ চহৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ কিয় !

ABOUT THE AUTHOR

...view details