মৰাণ, 24 এপ্ৰিল: ডিব্ৰুগড় জিলাৰ খোৱাঙত মহামাৰি কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী আশী বছৰীয়া বৃদ্ধাৰ মৃত্যু হয় । মৃত বৃদ্ধা আইতা গৰাকী খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়ী খোৱাং নিবাসী লভিতা হাজৰিকা (৮০)। প্ৰাপ্ত খবৰ অনুসৰি উশাহ নিশাহত কষ্ট পাই থকা বৃদ্ধা আইতা গৰাকীক বিগত ২৩ এপ্ৰিলত খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাত তেওঁৰ শৰীৰত ধৰা পৰে মাৰাত্মক কৰ'ণা ভাইৰাচৰ অৱস্থিতি । স্বাস্থ্য বিভাগে আইতা গৰাকীক চিকিৎসালয়ত থকাৰ পৰামৰ্শ আগবঢ়ায় যদিও পৰিয়ালৰ লোকে নিজ গৃহলৈ লৈ যায় ৷ শনিবাৰে পুৱা প্ৰায় ৪ বজাত বৃদ্ধা আইতা গৰাকীয়ে আকোৱালি ল’লে মৃত্যুক ৷
মৰাণৰ খোৱাঙত কৰ'ণাত আক্ৰান্ত হৈ বৃদ্ধাৰ মৃত্যু - খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
খোৱাঙত মহামাৰি কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী আশী বছৰীয়া বৃদ্ধাৰ মৃত্যু ৷ মৃত বৃদ্ধা আইতা গৰাকী খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়ী খোৱাং নিবাসী লভিতা হাজৰিকা (৮০)। প্ৰশাসনৰ তৰফৰ পৰা ক'ভিড প্ৰট’কল মানি বৃদ্ধা আইতা গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।
মৰাণৰ খোৱাঙত কৰ'ণাত আক্ৰান্ত হৈ বৃদ্ধাৰ মৃত্যু
প্ৰশাসনে জাৰি কৰা ক'ভিড প্ৰট’কল মানি বৃদ্ধা আইতা গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । আনহাতে পৰিয়ালৰ বাকী লোক সকলক ক'ভিড পৰীক্ষা কৰাৰ অন্তত মঞ্জিত হাজৰিকা (২৩) নামৰ এজনৰ দেহত ক'ভিড-19ৰ অৱস্থিতি ধৰা পৰে । ইপিনে খোৱাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এলেকাত বৰ্তমানলৈকে মুঠ ৭২ গৰাকী লোকৰ দেহত ক'ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে ৷