অসম

assam

ETV Bharat / state

সান্ধ্য আইন উলংঘা কৰি গ্ৰেপ্তাৰ 8 জন - violating night curfew

ক’ভিড সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনে যৎপৰোনাস্তি চেষ্টা কৰি থকাৰ সময়তে সমাজৰ এচাম লোকে চৰকাৰে জাৰি কৰা ক’ভিড প্ৰ’টকল অমান্য কৰা পৰিলক্ষিত হৈছে । সান্ধ্য আইন উলংঘা কৰাত 8 গৰাকী ব্যক্তিক টেঙাখাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুল মণি দাসৰ নেতৃত্বত এটা আৰক্ষী দলে সান্ধ্য আইন উলংঘা কৰাৰ অপৰাধত কৰায়ত্ব কৰে ।

সান্ধ্য আইন উলংঘা কৰি ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হ'ল 8 জন
সান্ধ্য আইন উলংঘা কৰি ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হ'ল 8 জন

By

Published : Jul 19, 2021, 8:55 PM IST

মৰাণ, 19 জুলাই :বৰ্তমান ৰাজ্যত অব্যাহত থকা ক’ভিড সৃষ্ট পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনে যৎপৰোনাস্তি চেষ্টা কৰি থকাৰ সময়তে সমাজৰ এচাম লোকে চৰকাৰে জাৰি কৰা ক’ভিড প্ৰ’টকল অমান্য কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ টেঙাখাটৰ বহু অঞ্চলত এতিয়া এচাম বিবেকহীন লোকে সামাজিক দূৰত্বতো দূৰৈৰ কথা মুখত মাস্কো ব্যৱহাৰ নকৰাকৈ ঘুৰি ফুৰা দেখা গৈছে ৷ তেনে চাৰিজন ব্যক্তিক আটক কৰিছে আৰক্ষীয়ে ৷

দেওবাৰে বিনা কাৰণত ঘৰৰ পৰা বাহিৰ ওলাই ঘুৰি ফুৰা টেপৰচালি, নাহৰসাঁকো আৰু উইলটন গ্ৰাণ্টৰ ক্ৰমে ধনীৰাম কোচ, জিতু মেছ, ভৈৰব মেছ, জিণ্টু মেছ, লোহিত মেছ, মানস গোঁহাই, সুৰেশ গগৈ আৰু উজ্বল মেছ নামৰ 8 গৰাকী ব্যক্তিক টেঙাখাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুল মনি দাসৰ নেতৃত্বত এটা আৰক্ষী দলে সান্ধ্য আইন উলংঘা কৰাৰ অপৰাধত কৰায়ত্ব কৰে । পৰৱৰ্তী সময়ত টেঙাখাট থানাত 91/21 নম্বৰত এটা গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰে আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 188/269/ 270 ৰ অধীনত যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি ভাৰপ্ৰাপ্ত বিষয়া ৰিতুল মনি দাসে জানিবলৈ দিয়ে । ৰাজ্য চৰকাৰে সোমবাৰে ঘোষণা কৰিছে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা (SOP) ।

মঙলবাৰৰ পুৱা 5 বজাৰ পৰা ৰাজ্যজুৰি এই নতুন নীতি-নিৰ্দেশনা বলৱৎ হ’ব । সেই অনুসৰি পূৰ্বৰ দৰে পুনৰ এটা সপ্তাহৰ বাবে পাঁচখন জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে । সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা পাঁচখন জিলা হৈছে গোলাঘাট, যোৰহাট, বিশ্বনাথ, শোণিতপুৰ আৰু লখিমপুৰ ।

ইয়াৰ উপৰিও ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁও জিলাৰ ওপৰত চোকা নজৰ ৰাখিবলৈ সংশ্লিষ্ট জিলা কেইখনৰ উপায়ুক্তক নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । মছজিদত ঈদৰ নামাজত পাঁচজনতকৈ অধিক লোকে ভাগ ল’ব নোৱাৰিব । মৃতকৰ শেষকৃত্য অনুষ্ঠান, বিবাহ আদিত উপস্থিত থাকিব পাৰিব সৰ্বাধিক ১০ জন লোক ।

উত্তৰ-পূৱৰ যিকোনো ৰাজ্য কিম্বা দেশৰ যিকোনো প্ৰান্তৰ পৰা অসমলৈ অহা সকলো লোকৰে ক'ভিড পৰীক্ষা ৰে’ল ষ্টেচন আৰু বিমানবন্দৰত পুনৰ বাধ্যতামূলক কৰা হৈছে । সোমবাৰে জাৰি কৰা নতুন এছঅ’পি (SOP) অনুসৰি পুনৰ এটা সপ্তাহৰ বাবেও আন্তঃজিলা যাতায়াত বন্ধ থাকিব । সমান্তৰালকৈ ক’ভিড প্ৰট’কল ভংগকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰঙিয়াত চিপিআইএমৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details